পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্দশ আধ্যা

সামৰণ


নীলা আকাশত আমৰলীয়া পাখিৰে কুমলীয়া মেঘ কেচপৰামান উলাহত উটি ফুৰিছিল৷ নিঠুৰ বেলিয়ে তাকে সহিব নোৱাৰিলে৷ পুৱাতে চেচেঙ্গীয়া ৰ’দে পাই তাক আহৰি কৰিলে! আকাশৰ মেঘ আকাশতে লয় পালে! তাৰ পাচত, মূৰৰ ওপৰলৈ উঠি সূৰ্যদেৱতা জুই যেন হৈ জ্বলি উঠিল৷ পৃথিৱীৰ জীৱ-জন্তু, গছ-লতাৰ ওপৰত তেওঁৰ খাওঁ-খাওঁ মূৰ্ত্তি হ’ল৷ ভিতৰৰপৰা বাহিৰলৈ ওলাবৰ সাহ নোহোৱাত পৰিল৷ পথাৰৰ অলপ-পানীৰ মাছে তাপত তৰণি নাপাই খলক লগাবলৈ ধৰিছে! মানুহ-পশু, চৰাই-চিৰ্‌কতি সকলো ৰ’দত চট্‌ফটবলৈ ধৰিছে! এনে ভয়ানক সময়ত, এনে আপদৰ কালত, আজি জেৰেঙা পথাৰত কাৰ বিয়া? কোন গাঁৱৰ বিহু-হাট আহি বহিছেহি? আজি জেৰেঙা পথাৰত মানুহৰ মাজত বিৰ দি বাট পাব নোৱাৰা হৈছে৷ কিন্তু হায়, লিখকৰ ভ্ৰম, লিখনীৰ ভুল, --ই বিয়া নহয়, বিহু-হাটো বহা নাই৷ আজি জেৰেঙাত নৰবলি পৰিছে৷ আজি মহা প্ৰতাপী স্বৰ্গীয় ঘাইমন্ত্ৰী বৰগোহাঞি ডাঙৰীয়াৰ বংশধৰ, মৰাণ গোহাঞিবৰুৱাৰ বংশজ ভানু-লতাৰ জীৱন-বৃক্ষ, অসমীয়া প্ৰজাৰ আদৰৰ মাণিক শ্ৰীমান চাৰুচন্দ্ৰ বৰগোহাঞিদেৱ বলি পৰিছে৷

অন্তিম কাল উপস্থিত! চাৰু গোহাঞিদেৱক ৰাইজৰ আগলৈ উলিওৱা হ’ল৷ সকলোৱে এবাৰ হেঁপাহ পলুৱাই চাবলৈ ধৰিলে এনে আপদৰ কালতো, জীৱনৰ অন্তিম সময়তো গোহাঞিদেৱৰ সৰিয়হ ফুল যেন প্ৰফুল্ল মুখখনিত বিষাদৰ ৰেখ এটিও নাই৷