পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 গোহাঞিদেৱ।--ই কেনে কথা! উদ্ধাৰৰ হুকুম তৰা আইদেউৰ হাতে হে আহিব লাগে নে? আৰু, এনে অসময়ত?
 কাঞ্চন।--মুক্তিৰ আদেশ নহয়। প্ৰৱেশৰ অনুমতিহে পোৱা হৈছিল।
 গোহাঞিদেৱ।--বাৰু, তাকে কোৱাঁহঁক। পিচে?
 মই।--পিচে, এতিয়া আমাৰ লগতে ওলাই যাব লাগে। বাহিৰ ওলালে এফলীয়া হবলৈ উপায় হব।
 গোহাঞিদেৱ।--পলাই যাম? তুমিও এনে কথা কোৱা নে ভানু!

তিনিও ওপৰা-উপৰিকৈ বুজালোঁ। মই কিমান তুতি-মিনতি কৰিলোঁ। কিমান কাবৌ কৰিলোঁ। কিমান শপত দিলোঁ। একোতে গোহাঞিদেৱ নটলিল। তেওঁ নপলা। তেওঁ জীৱন্তে পলৰীয়া নাম নলয়। অন্তত মই কান্দি ব্যাকুল হলোঁ। গোহাঞিদেৱে বুজাবলৈ ধৰিলে। আৰু, তেওঁ পৱিত্ৰ প্ৰেমৰ চিন্‌ স্বৰূপ, দুই সখীক সাক্ষী কৰি, তেওঁ নিজৰ আঙ্গুলিৰপৰা আঙ্গঠিটি সোলোকাই মোৰ আঙ্গুলিত পিন্ধাই দিলে। তৰা আইদেউ সখীয়েও ততালিকে মোৰ আঙ্গুলিত থকা আঙ্গঠিটো সোলোকাই নি গোহাঞিদেৱৰ আঙ্গুলিত পিন্ধাই দিলে। তাৰ পাচত, গোহাঞিদেৱে কলে, "আজি মোৰ জীৱনৰ শেষ কাম সমাধা হ'ল, এতিয়া তোমালোকৰ ওচৰত বিদায় হে মাগিলোঁ।" এইবুলি তেওঁ আমাক ওলাই আহিবৰ কাৰণে বৰকৈ ধৰিলে। অন্তত, ইমানকৈ কলেগৈ, "মোক এফেৰিমানো শান্তি দিবলৈ চোৱাঁ যদি, তোমালোকে মোৰপৰা বিদায় লোৱাঁহঁক।" তৰা আইদেউ আৰু কাঞ্চনসখীয়ে মোক ধৰি ধৰি উলিয়া আনিলে। গোহাঞিদেৱ অচল-অটল হৈ তাতে ৰল।