পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোক ঘটাব নোৱাৰিব৷ কিন্তু, যাৰ নিমিত্তে সি ৰক্ষিত, তেওঁ ওচৰ ছপা মাত্ৰকে তাৰ দুৱাৰ আপুনি মুকলি হয়! তেনে দুৰ্গৰ অধিকাৰীক নিলগাই আটক কৰি থৈ, তিৰোতাসেৰুৱা পাপমতি ৰজাই মোৰ পৱিত্ৰ বস্তুলৈ হাত পাতে! তেওঁ দেউতাৰ আগত এনে কথা আকৌ তুলিবলৈ অকণো সঙ্কোচ নকৰিলে! মোৰ প্ৰাণেশ্বৰ গোহাঞিদেৱৰ প্ৰতি দেখাদেখিকৈ অবিচাৰ কৰি, ৰাজ্যৰ ধৰণীস্বৰূপ ঘাই বিষয়া মোৰ দেউতাৰ আগত ৰজাই কোন সতে সেই বিহ-বিয়াৰ কথা আকৌ তোলে! হাঁয়, এই পৃথিৱীত মানুহে কৰিব নোৱাৰা কাম নাই৷ অতি জঘন্য, অতি নীচ কামতো অতি উচ্চ আসনৰপৰা নামি আহি লিপ্ত হব পৰা মানুহৰে ভাৰ ধৰণীয়ে ধৰিব পাৰিছে! দুৰ্ব্বলমতি ৰজাই যি ভাবক, যি কৰক, এইবাৰ দেউতা সাগৰৰ দৰে গহীন, পৰ্ব্বতৰ দৰে অটল৷ দেউতাই ৰজাৰ চুপতিৰ নিচিনা কথালৈ কাণ নিদিয়ৈ৷ ৰজাই বলিয়াৰ দৰে আকৌ মোক বিয়া কৰোৱাৰ কথা তুলিলে দেউতাই তেওঁৰ প্ৰতি অৱজ্ঞা প্ৰকাশ কৰা হ’ল৷ এই কথাত পাপ-মাতি ৰজা চতুৰ্গুণে জ্বলি উঠিল! ইয়াৰ প্ৰতিশোধ লবৰ নিমিত্তে তেওঁ দেখা-দেখিকৈ দেউতাৰ বিপক্ষে যাবলৈ ধৰিলে৷ আৰু সিফালে বন্দীশালত গোহাঞিদেৱক নানা অসহনীয় অত্যাচাৰ কৰিবলৈ ৰজা মতলীয়া হৈ উঠিল৷