পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এনাজগৰত ঘনাই বেজাৰ-অপমান দিবলৈ কুঁৱৰীয়ে ছেগ বিচৰা হ’ল৷ আৰু, চল চাই, আগৰ বিহ-বিয়াৰ কথা আকৌ তুলিবলৈকো ৰজাই বাকী নেৰিলে৷ কিন্তু, এইবাৰ দেউতাৰ তেনে কথাত সমূলি মত নাই বুলি বুজিব পাৰি, পাচলৈ তেওঁক সেই বিষয়ে ৰজাই একো নোকোৱা হ’ল৷ তা ৰপাচত, দুৰ্ব্বল-চিতীয়া তিৰোতা-সেৰুৱা ৰজাই গোহাঞিদেৱৰ ওপৰত চকু দিলে৷ তেওঁৰ ওপৰত ৰজাই নিজেই অভিযোগ আনিলে৷ গোহাঞিদেৱৰ মন্ত্ৰণা মতেই মই পলাই যাওঁ আৰু সেই বাবেই ৰজাৰ মোৰ লগত পাতিব খোজা বিয়াও ভঙা গ’ল, এই কথা তৰি, তেওঁ গোহাঞিদেৱক অপৰাধী কৰি বিচাৰ-চ’ৰাত থিৰ কৰালে৷ ডাঙৰীয়া-বিষয়াসকলৰ ভিতৰত দেউতাক গোচৰৰ সম্পৰ্কীয় লোক বুলি বাদ দিয়েই ললে৷ তাৰ পাচত, আনবিলাক ডাঙৰীয়া-বিষয়াও সকলোটি উপস্থিত হবলৈ নৌ পাওঁতেই গোহাঞিদেৱক বন্দীশাললৈ নিবলৈ কুঁৱৰী-টোলৰপৰা আজ্ঞা আহিল৷ সেই অন্যায়-অবিচাৰৰ আজ্ঞা শুনি সভাসদ সকলোৱে মূৰে-কপালে হাত দি দুখ প্ৰকাশ কৰিবলৈ ধৰিলে৷ চাৰিওফালে এই কথা বিয়পি পৰিল৷ মই শুনা মাত্ৰকে বিবুদ্ধি হলোঁ৷ মই আকৌ উন্মাদিনী হৈ বিচাৰ-চ’ৰালৈ লৰ ধৰিলোঁ৷ কিন্তু, মই গৈ চ’ৰাত যাক বিচাৰিলোঁ, তেওঁক আৰু দেখা নাপালোঁ৷

এইবাৰ মই বিষাদিনী৷ মোৰ মনস্তাপ চতুৰ্গুণে বাঢ়িবলৈ ধৰিলে৷ মোৰ পৰাই গোহাঞিদেৱৰ ইমান দুখ-দুৰ্গতি৷ মোৰ নিমিত্তেই তেওঁৰ আজি এনে আপদ! যি গোহাঞিদেৱৰ মঙ্গলৰ অৰ্থে দেশ গোটেইখনে কামনা কৰে, যাৰ সুখ-সন্তোষ মান-গৌৰৱ বঢ়াবলৈ বুঢ়াজনা স্বৰ্গদেৱৰ যত্নৰ ত্ৰুটি নহৈছিল, যি আজিত বাজে কাইলৈ ঘাইমন্ত্ৰীৰ বাব পালেহেঁতেন, আজি সেই গোহাঞিদেৱ বিনা অপৰাধত বন্দীশালত! এইবিলাক সকলো এই অভাগিনীৰপৰাই ঘটিছে৷ এই কথা, অকল ময়েই নহয়, ওচৰ-চুবুৰীয়াই নহয়, গোটেই ৰাজ্যৰ