পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাবে নিজকে অলপ ভাগ্যৱতী যেন ভাবিবলৈ ধৰিলোঁ৷ আৰু মোৰ উন্মাদিনী অৱস্থাই যে ইমান দিনৰ মূৰত গোহাঞিদেৱৰ প্ৰতি মোৰ স্বামী-ভক্তি প্ৰকাশ কৰিবলৈ মোক সুছেগ দিছে, ইও এটা মোৰ সুখৰ কাৰণ হ’ল৷ কিন্তু, পাচলৈ যিমানেই সুস্থিৰ হৈ আহিলোঁ, সিমানেই গোহাঞিদেৱৰ সৈতে দেখা-দেখিকৈ কথাবাৰ্ত্তা হবলৈ লাজ লগা হৈ আহিল! আৰু, তেৱোঁ মোক দেখা দিয়াটো ক্ৰমাৎ পাতলাই নিলে, সদৌশেষত, আকৌ দুইকো দুৱে লুকাই-চুৰকৈ দেখা দিয়াত পৰিলোঁ৷ আকৌ চিঠি-পত্ৰেৰে মনৰ কথা জনোৱা-জনিত পৰিল৷

দেউতাক শুশ্ৰূষা কৰাত আগতকৈ মোৰ যত্ন বেছি হ’ল৷ বুঢ়া কালত মোৰ দেউতাই মোৰপৰা ইমান সন্তাপ পালে, সেই বাবে দেউতাৰ সুখ-শান্তি বঢ়াবলৈ মই পাৰোঁমানে মন পাৰি লাগিলোঁ৷ দেউতাই যাতে হৈ যোৱা দুৰ্ঘটনা পাহৰি, আকৌ সন্তোষত দিন নিয়াব পাৰে, তালৈ মই সততে সতৰ্ক হবলৈ ধৰিলোঁ৷ আৰু, দেউতায়ো মোৰ মন ভাল লগা কাম কৰিবলৈ হে বিচৰা হ’ল৷ মোৰ অনিচ্ছাৰ কাম যাতে ভুলতো কৰা নহয়, তাৰ নিমিত্তে তেওঁ সাৱধানে চলা মই বুজিব পাৰিলোঁ৷ এনে সন্তোষৰ সময়ত, মোৰ বিপদৰ বান্ধৱী ভদৰী বুঢ়ীলৈ মোৰ মনত পৰিল৷ মোৰ কাল্পনিক পাত্ৰী অতি চেনেহৰ আজলীৰ কথালৈ মোৰ স্মৰণ হ’ল৷ মই এদিন ছেগ বুজি, সিহঁতে মোক উপকৰ কৰাৰ কথা দেউতাক জনালোঁ৷ আৰু, মোৰ খাটনি মতেই দেউতাই বুঢ়ীক জীয়েকৰ সৈতে সিহঁতৰ গাঁৱৰপৰা তুলি আনি আমাৰ টোলৰ ভিতৰতে ঘৰ-দুৱাৰ সজাই দি থাকিবলৈ ঠাই দিলে৷ মোৰ জঁয় পৰা জীৱন-গছজুপি পুনৰপি ঠন্‌ ধৰি উঠিল৷