পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দশম আধ্যা

উন্মাদিনী


ডেৰবছৰমানৰ মূৰত মই ধৰা পৰিলোঁ৷ মই ধৰা পৰাত বৰকৈ লগা নাই৷ ধৰি নো মোক কি কৰিব৷ কিন্তু, মোৰ যে ফাঁকটি ধৰা পৰিল! বেজ জ্ঞানীৰ জৰা-ফুকা, দৰব-জাতিয়ে মোৰ চেতনা আনিলে৷ মই সাৰ পাই উঠি দেখো যে, মোৰ গাত আকৌ তিৰোতাৰ সাজ-পাৰ! মই বুঢ়ীৰ আগত মুখ দেখুৱাবলৈ মৰাৰ সমান টান পোৱা হলোঁ৷ তাতোকৈ আজলীৰ আগত মুখ উলিয়াবলৈ টান হ’ল৷ লাজে-সন্তাপে মোক অস্থিৰ কৰি পেলালে৷ ইয়াতকৈ মোৰ মৰণ হেজাৰ গুণে ভাল যেন ভাবিলোঁ৷ একেই দংশনৰ বিকাৰ৷ তাতে এনে বিষম মনস্তাপে মোক তত্‌ নাইকিয়া যেন কৰিলে৷ মই উন্মাদিনী হলোঁ৷

এনে অৱস্থাত মোৰ কিমান দিন গৈছে কব নোৱাৰোঁ৷ এদিন জনচাৰেক মানুহে সৈতে আহি মাজিউ নিচাওদেউ উপস্থিত৷ সিবিলাকৰ মাজত চাকুলী বুঢ়ীকো দেখা যেন লাগিল৷ নিচাওদেউক দেখা মাত্ৰকে মোক লাগে-ভয়ে-বেজাৰে জুমুৰি দি ধৰিলে৷ চিল্‌মিল্‌কৈ যি এফেৰা জ্ঞান পাইছিলোঁ, সিও হেৰাল৷ মই চকুৰ আগত কি দেখোঁ কব নোৱাৰোঁ৷ কেৱল হঁহা-কন্দা৷ কেতিয়াবা আনন্দত উতলি উঠোঁ৷ অকলৈ অকলৈ হাঁহি পেটুনাড়ী ছিঙ্গো৷ কেতিয়াবা বিষাদত ক’ল পৰো, কান্দোনত খলক লগাওঁ৷ আৰু, কথা কোৱাৰ অন্ত নাই৷ বলকনিত কি ওলায় কব নোৱাৰোঁ৷ বুজাই তাৰেপৰা সবিশেষ বুজি উঠে৷ আনে যিমান বুজে, চাকুলী বুঢ়ীয়ে তাতকৈ বেচি বুজে৷