পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতি দিব খোজোঁ৷
 মই৷ ― কিনো কথা কোঁৱা আই! অকণমান ছোৱালীটিৰে সৈতে নো ঘৰ পাতে নে!
 বুঢ়ী৷ ― নহয়, বোপাই, ধৰম-বিয়া দিয়াৰ নিয়ম আছে নহয়৷ আমি দুখীয়া মানুহ, সিমানৰ লায়েক নহওঁ! তেও বুলি তামোল-পাণ এটা কটোৱাৰ দিহা কৰোঁ বুলিছোঁ৷

মই আৰু ৰব নোৱাৰিলোঁ৷ শোকে-বেজাৰে লাজে-ধিক্কাৰে মোক ভেটি ধৰিলে৷ কিছুপৰ মাত মাতিব নোৱাৰা হৈ টলকা মাৰিলোঁ; মোৰ নিমাতেই মান্তিৰ লক্ষণ মানি বুঢ়ীয়ে হৰিষ মনেৰে তাৰপৰা উঠি বনত ধৰিলেগৈ৷

ইয়াৰ পাচত আৰু মাহচাৰেক পাৰ হ’ল৷ মই বুঢ়ীৰ ঘৰতে মনে-পতা ঘৰ-জোঁৱাইৰ বৃত্তি লৈ বন-বাৰি কৰি ভাত মোকলাই আছোঁ৷ আৰু পিচলৈ, মোক বুঢ়ীৰ ঘৰৰে এটা বুলি সকলোৰে বিশ্বাস ডাঠ্‌ হ’ল৷ ময়ো আনৰ আগত ’আমাৰ ঘৰ’ বুলি বুঢ়ীৰ ঘৰকে বুজোৱা হলোঁ৷ ইফালে বুঢ়ীয়ে বিয়াৰ কথা ঘনাই উলিয়াবলৈ ধৰিলে৷ আৰু, লাহে লাহে মই নেমাতি ৰণ জিকাৰ কাল উকলিবলৈ ধৰিলে৷ গতিকে, পাচলৈ এইবোৰ কথা উলিয়াবলৈ মই বুঢ়ীক ছেগ নিদিবলৈ চেষ্টা কৰা হলোঁ৷ সেই অৰ্থে, মই ঘৰত থকা সময়ত পৰাপক্ষত কেতিয়াও অকলৈ নাথাকোঁ৷ কোনো প্ৰকাৰৰ কল-বুদ্ধি কৰি আজলীক সততে মোৰ ওচৰত ৰখা হলোঁ৷ মোৰ মৰম পাই আজলীয়েও মোৰ লগ বৰকৈ ধৰা হ’ল৷ এই কথাত বুঢ়ীৰো সন্তোষ৷ মই আজলীক আপোনা-আপুনি মৰম কৰা হৈছোঁ, আজলীয়েও মোৰ লগ নেৰা হৈছে, এই কথাত বুঢ়ীৰ মনে-মনে বৰ ৰং৷ বুঢ়ীয়ে যিহকে কামনা কৰিছিল, কাৰ্য্যত দেখিবলৈ পাইছে৷ বুঢ়ীক আৰু লাগে কি? বুঢ়ীক লাগে, মুঠেই আজলীৰ সৈতে মোৰ ঘৰ পতা কথাটো লোকে জনাকৈ পকা হব লাগে৷