পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ধৰিলে। কান্দি পেলালোঁ। তাৰ পাচত, আৰু তিনি ঘৰৰ তিনিটা পদূলি পাৰ হৈ, এঘৰত এগৰাকী বুঢ়ীক সূতলাহি পকাই থকা দেখি ভয়ে-ভয়ে তেওঁৰ ওচৰ চাপিলোঁগৈ। বুঢ়ীটিয়ে মোক দেখা মাত্ৰকে মৰম লগাই সুধিলে, "বোপাই, তই নো ক'ৰপৰা আহিছ?" বুঢ়ীৰ মুখে বোপাই মাত-আষাৰ পাই মোৰ মনত অলপ সাহ হ'ল। মই লাহেকৈ কলোঁ, "বুঢ়ী আই, মই ভালেখিনি দূৰৈৰপৰা আহিছোঁ। আন কথা পিচেও কম' পিয়াহত মোৰ প্ৰাণ যায়! বুঢ়ী আই, মোক পানী এটুপি খুৱাব পাৰাঁ নে?" বুঢ়ীয়ে আথে-বেথে কলে, "আঐ দেহি! পানী টোপা নো কি বস্তু, দিব পাৰিম তো। বহাঁ মোৰ সোণাই, ইয়াতে বহাঁ?" এই বুলি মোক ডুখৰিপীৰা এখন বহিবলৈ দি, বুঢ়ীয়ে ভিতৰৰপৰা পানী এলোটা আৰু বাটি এটা লৈ আহিলগৈ। পানী এবাটি বাকি লৈ, বুঢ়ীয়ে মোক আকৌ সুধিলে, "বোপাই, তই পুৱাৰেপৰা একো নাই খোৱা হবলা?" মই কলোঁ, "আই, মই কালিৰেপৰা খোৱা নাই।" সেই কথা শুনি বুঢ়ীয়ে, "এ, শুদা পেটত পানীয়ে বেয়া কৰিব" বুলি, আকৌ ভিতৰলৈ সোমাই গৈ, গুৰ অকণমানৰে সৈতে সান্দহ-গুৰি অলপমান আনি দিলেহি। মই অতি তৃপ্তিৰে জলপানটি খাই বুঢ়ীৰ কাষতে বহি কথা পাতিবলৈ ধৰিলোঁ।