পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


মুৱাকৈ পথাৰ ওলাবলৈ ধৰিলো। এইদৰে এছোৱা লৰ ধৰি, এছোৱা বেগ্‌ দি পথাৰৰ মাজ ওলালোঁগৈ। পথাৰখনৰ সিপাৰেই এখন গাওঁ যেন দেখিলোঁ। গাওঁৰ মাজ সোমোৱাটো নিৰাপদ যেন নালাগিল। সেইকাৰণে তাৰপৰা পছিমমুৱাকৈ বেগ্‌ দিলোঁ। এইদৰে দুখনমান তামোল খোৱাৰ পৰ গৈ এটা চাপৰিত উঠিলোঁগৈ। চাপৰিটো বৰ দীঘল আৰু বহল। ডাঙৰ গছ নাই। মাজে-মাজে দুই চাৰিটা বিৰিণাৰ জোপা। দুই দাঁতিয়ে মানুহৰ গাওঁ ভুঁই থকা যেন লাগিল। গতিকে, সমুখৰ পোনেই বেগাবেগিকৈ আগ বাঢ়িলোঁ। ক্ৰমাৎ যাবই লাগিছো। চাপৰিটোৰ সোঁ-মাজমান পালোঁগৈ। এনেতে, অকস্মাৎ মেঘে গিৰ্‌গিৰাই উঠিল। আৰু, অলপ পাচতে ক'লা ডাৱৰে আকাশ ঢাকি পেলালে। লাহে লাহে তৰা এটিও নেদেখা হল। কেইওফালৰ পৰা ঘোপ্‌মৰা আন্ধাৰে মোক গিলি ধৰাদি ধৰিলে। কেনিও বাট-পথ নেদেখা হলোঁ। তথাপি ৰোৱা নাই। গৈ আছোঁ। আৰু অলপ পাচতে ঢেৰেকনি-ধুমুহা আৰম্ভ হ'ল। একো একোবাৰ ঢেৰেকনিত কাণ টাল মাৰি যায়। স্বৰগ ভাগি মূৰত পৰা যেন লাগি যায়। কোনো কোনো বাৰ যুৰীয়াকৈ পাতাল-ফটা গাঁজনি মাৰে। মই সেইপোনেই মাটিতে চেপেটা লাগি পৰোঁ। আকৌ উঠোঁ, আকৌ যাওঁ। এইদৰেই পৰি-ধৰি অলপ যাওঁতেই মৌচেপা বৰষুণ আহিল। খন্তেকতে তিতি জুৰুলি-জুপুৰি হলোঁ। তথাপি গৈছো মাজে মাজে একোবাৰ একো নেদেখা হওঁ। একোবাৰ জপ্‌-জপাই বিৰিণাৰ জোপাত উঠোঁগৈ। একোবাৰ বিজুলীৰ পোহৰত বাট দেখা পায় এছোৱা লৰ ধৰোঁ। কিন্তু, বিজুলীয়ে উপকাৰৰ লগত অপকাৰো মাতিলে। ইমান পৰলৈকে মোৰ মানুহ-শত্ৰুলৈ মাথোন ভয় হৈছিল; এতিয়া বিজুলীৰ চমকনিয়ে চকুৰ আগত ভয়ঙ্কৰ ৰূপ দেখুৱাবলৈ ধৰিলে। মোক কেইওফালৰ পৰা বন-শত্ৰুৱে বেৰি ধৰা যেন পালোঁ। একোবাৰ ছাঁটোকে বাঘটো দেখিছোঁ। বিৰিণাৰ