পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ষষ্ঠ আধ্যা

ষোলবছৰীয়া ল'ৰা

ফুলনিত মোৰ বহুপৰ হ'ল হবলা। ইয়াৰ ভিতৰতে দেউতাই বোলে মোক দুবাৰ বিচাৰিছিল। আৰু, তৰা আইদেউৰ ওচৰৰ পৰাও দুবাৰ মোৰ ওচৰলৈ কোনোবা আহিছিল বোলে; মোক নেপাই চাকুলী বাইৰ হাততে এখন চিঠি দি থৈ লগুৱাটো গুচি গ'ল। ইফালে চাকুলী বুঢ়ীয়ে জন্‌জনাই দিলে। চিঠিখন সখীৰ, -তৰা আইদেউৰ। তেওঁৰ হেনো মোৰ লগত এটা গুপুত কথা আছে। পাৰিলে কাইলৈ পুৱা তেওঁ এবাৰ মোক লগ পাব। মনতে শলাগি থলোঁ, -'লগ পাব!' তাৰ পাচত, লৰালৰিকৈ চাকুলী বাইক সুধিলোঁ, দেউতাই নো মোক কিয় বিচাৰিছিল। চাকুলীয়ে কলে, "বিচাৰিছিল কিয়, কাকো একো নকলে দেখোন। দেউতাৰ হাতত সোণৰ ফুল দুপাহমান দেখিছিলোঁ। তাকে দিবলৈ বিচাৰিছিল হবলা।" মই মনতে শলাগি থলোঁ, -"ওঁ সোণৰ ফুল পিন্ধিম!"

চাকুলী বাইক তাতে এৰি মই শোৱা-কোঠা সোমালোঁহি। আৰু, তাই মনটো আমোলাই নিজৰ কামত ধৰিলেগৈ। মই নিজঞ্জাল পাই, নানা কথা ভাবিবলৈ ধৰিলোঁ। ভাবিলো, আজিক এৰি আৰু তিনিদিন আছে। তাৰ পিচদিনা মোৰ নামে পতা বিহ-বিয়াৰ টেকেলি। গতিকে, মোৰ হাতত মুঠেই দুদিন আছে। আৰু, গোহাঞিদেৱে মোক দুদিনলৈ হে দিন দিছে। তাৰ পাচত আৰু তেওঁক ইয়াত কেৱে নেদেখে। কিন্তু তেওঁ আগধৰি বাজ হ'ব লাগিলে মোৰ আন কোনো উপায় নাথাকিব। আৰু তেতিয়া হলে তেওঁক সকলোৱে দায় দিব। বিশেষ, তেনে হ'লে,