পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

নৌৰজিয়ে সময়ে-অসময়ে, যেতিয়াই-তেতিয়াই ভাৰতৰ উপকাৰৰ অৰ্থে কাম কৰিছিল। তেঁৱেই প্ৰথম ভাৰতত বৃটিছ মহাসভাৰ সভ্য। তেওঁ কৈছিল যেতিয়াই সুবিধা হৈছিল, "It is the wearer who knows where the shoe pinches!" দীনবন্ধুৱেহে জানে ছপাখানাত কিতাপ ছপোৱাৰ কি বিড়ম্বনা! স্বৰ্গীয় দাদাভাই নৌৰজিৰ আগেয়ে ভাৰতৰ লালমোহন ঘোষেও (ব্যাৰিষ্টাৰ স্বৰ্গীয় মনমোহন ঘোষৰ ভায়েক, যি মনমোহন ঘোষে বিপদগ্ৰস্ত ‘আসামী’সকলক সাহায্য কৰি ‘বিপদৰ বন্ধু’ নাম পাইছে) পাৰ্লামেন্ট (Parliament) সভ্য হোৱাৰ প্ৰাৰ্থী আছিল। তেওঁ এনে বক্তৃতা দিছিল যে এজনী অন্ধ মহিলাই(যি মহিলাই John Bright ৰমৃত্যুৰ কথা শুনা নাছিল) ক’লে, "Is it John Bright who is speaking?" এই কথাখিনি মোৰ পাতনিত নেলেখিলোঁহেঁতেন, লেখিলোঁ এই নিমিত্তে যে মোৰ ইচ্ছা মোৰ অসমৰ লৰা-ছোৱালীবিলাকে এইসকল মহাপুৰুষৰ নাম শুনে। Parliament-ৰ ভাৰতীয় সভ্য কেইজন হৈছে? আশাকৰোঁ পাঠক-পাঠিকাসকলে বিচাৰি উলিয়াব।

 য়ুৰোপলৈ তিনিবাৰ গৈছিলোঁ —এই কিতাপখনিত প্ৰথমবাৰৰ অভিজ্ঞতাৰ অলপ চিনাকি মাথোনহে দিছোঁ। এই কিতাপখনিত সকলো কথা ধাৰাবাহিকৰূপে হোৱা নাই। ১৮৯৫ৰ পৰা ১৯০৯। বাঁহীৰ গৰ্ভৰপৰা অৰ্থাৎ ‘বাঁহী’ৰ চুঙাৰ ভিতৰৰপৰা মোৰ এই কঠুৱা মাত আৰু লেখা উলিয়াইছে; সেই বাটেদি অহাৰ নিমিত্তে মোৰ আশা হৈছে যে এই কথাবোৰে মোৰ অসমৰ মানুহৰপৰা অলপ মৰম পাব। যিসকলে মোক নীৰৱে- সৰৱে সহায় কৰিছে, তেৰাসকলক মোৰ হিয়াৰ অন্তৰৰ অভিবাদন আৰু ধন্যবাদ জনাওঁ। প্ৰুফ শ্ৰীমান তালুকদাৰেই চাই দিছে। মই কাশীত। মোৰ মাতৃভাষাত কেবাখনো কিতাপ লেখিছে। কিন্তু কিনোতা নাই। মানুহক দিওঁতে দিওঁতে কিতাপ শূন্য হয়। সকলোৱে আহি সোধে, বিচাৰে, খোজে –“আপোনাৰ ঘৰত (কিতাপৰ নাম কৈ) এই কিতাপখুন আছেনে?” এনেকুৱা কথা কৈ কিতাপ লৈ যায়। মোৰ নিজৰ লেখা কিতাপৰ মূল্য নেথাকিব পাৰে; কিন্তু মোৰ পিতৃদেৱতাৰ অসম বুৰঞ্জী আৰু ঢেকীয়াল ফুকনৰ জীৱনচৰিতো (এটি ল’ৰাই মোক এবাৰ সুধিছিল আনন্দৰাম বৰুৱা আৰু আনন্দৰাম ফুকন একেজন মানুহ নে? আচৰিত!) মোৰ কিতাপৰ দৰে একে বাটে যায়। যি বাৰু যি হওক, আশাকৰো এই কিতাপখনি সেই বাটেৰে নেযাব।

এই কিতাপখনি শ্ৰীযুত সুনীত কুমাৰ ঠাকুৰ আৰু শ্ৰীমতী কণিকা দেৱীৰ ঘৰৰপৰা লেখিছোঁ। কিয়নো গুৱাহাটীত মোৰ শৰীৰ আৰু স্বাস্থ্য আঢ়ৈমাহমান বৰ বেয়া হৈছিল; সেইদেখি এই সহৃদয় মানুহজনে আৰু সহৃদয়া মহিলাগৰাকীয়ে মোক তেওঁলোকৰ ঘৰত আলহীস্বৰূপে থাকিবলৈ দি মোৰ শৰীৰ আৰু স্বাস্থ্যৰ উন্নতি সাধন কৰিছে।