পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিলাতৰ চিঠিৰ পাতনি



শ্ৰীশ্ৰীশঃ

 স্বৰ্গীয় লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াৰ ‘বাঁহী’লৈ বিলাতৰপৰা বিলাতৰ বিষয়ে দুখনমান চিঠি পঠিয়াইছিলোঁ – ১৯০৯ খ্ৰীষ্টাব্দত। নিজৰ দেশ ভাৰতবৰ্ষ পালোঁহি আহি বছৰৰ সামৰণিৰ সময়ত। দুখনমান চিঠিৰ পাছৰ চিঠিবিলাক মোৰ ভাৰততে লেখা। এই লেখাবোৰ ১৯০৯ খ্ৰীষ্টাব্দৰপৰা ১৯১৮ লৈকে বাঁহীত মাজে মাজে ওলাইছিল। এই কিতাপখনিৰ নাম ‘বিলাতৰ চিঠি আৰু কথা’ দিম বুলি ভাবিছিলোঁ। কিন্তু আজিকালি মানুহৰ সময় বৰ কম। সকলো কামকে সংক্ষেপে সমাধা কৰিব খোজে। সেইদেখি কিতাপখনিৰ নাম ‘বিলাতৰ চিঠি’ থ’লো।।

 এই চিঠিবিলাক স্বৰ্গীয় লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াৰ মৰমৰ ‘বাঁহী’ৰপৰা উদ্ধাৰ কৰা হৈছে। এই উদ্ধাৰৰ বিষয়ত দুজন ডেকাই মোক বহুত সহায় কৰিছে। এই দুজন ডেকাৰ সহায় নোপোৱা হ'লে মোৰ চিঠি আৰু কথাবোৰ কিতাপৰ আকাৰেৰে উলিয়াব নোৱাৰিলোঁহেঁতেন। প্ৰথম ডেকাটি হৈছে শ্ৰীযুত লোকনাথ বৰুৱা, কটন কলেজৰ প্ৰথম বাৰ্ষিক শ্ৰেণীৰ ছাত্ৰ — শ্বিলঙৰ স্বৰ্গীয় শিক্ষক জনপ্ৰিয় ভোলানাথ বৰুৱাৰ পুত্ৰ। ‘অভিৰাম’ৰ অতি ওচৰতে থাকে। আৰু দ্বিতীয় ডেকাটি হৈছে ব্যাসকুছিৰ শ্ৰীমান দীনবন্ধু তালুকদাৰ। এৱোঁ কটন কলেজৰে প্ৰথম বাৰ্ষিক শ্ৰেণীৰ ছাত্ৰ। এই ডেকাটিয়ে মোক বহুত সাহায্য কৰিছে, এই কিতাপ সম্পৰ্কত।শ্ৰীমান দীনবন্ধুৰ সৈতে চিনাকি নোহোৱা হ’লে এই কিতাপখনিয়ে ইমান সোনকালে আমাৰ এই সুন্দৰ পৃথিৱীৰ পোহৰ নেদেখিলেহেঁতেন।।

 ছপাখানালৈ অহা-যোৱা কৰা, ছপাখানাৰ গৰাকীসকলৰ সৈতে কথা কোৱা, তেওঁলোকৰ কথা শুনা, ইত্যাদি বিষয়ে শ্ৰীমান দীনবন্ধুৱে মোৰ নিমিত্তে নিৰ্বিকাৰে সহ্য কৰি আহিছে। সেইদেখি মই তেওঁক আন্তৰিক আশীৰ্বাদ দিছোঁ। যিসকল মানুহে ছপাখানাৰ সৈতে ‘কাৰবাৰ’ কৰিছে, তেওঁলোকেহে জানে এই কামটি কিমান গধুৰ। মোৰ ভাৰতৰ আধুনিক গুৰু, যিজন গুৰুক G.O. M. (Grand Old Man) বুলি নাম দিয়া হৈছে, সেইজন মহাপুৰুষৰ সৈতে বহুতবাৰ 84-85 Palace Chambers আৰু আন ঠাইতো বিলাতত দেখা হৈছিল, সেই মানুহজনৰ এটি প্ৰিয় কথা আছিল। সেই মহাপুৰুষ দাদাভাই