পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিলাতৰ চিঠি

আটাইতকৈ তাকৰ! য়ুৰোপৰ আন আন জাতিতকৈ ইংলণ্ডৰ সৈতে আমাৰ বেছি সম্বন্ধ।। ভাৰতৰ সম্ৰাট এডৱাৰ্ড ইংলণ্ডত থাকে। ভাৰতৰ ৰাজমন্ত্ৰীৰ কচাৰী ঘৰ (India Office) ইংলণ্ডত। পৃথিৱীৰ প্ৰধান জাতিৰ ভিতৰত বৃটেনে এটি প্ৰধান ঠাই অধিকাৰ কৰে। বৃটেনত আমাৰ বহুতো শিকিবলগীয়া, জানিবলগীয়া কথা আছে। এইবোৰ নানান কাৰণত আমাৰ বৃটেনলৈ অহা উচিত। বৃটেনৰ অবাৰিত দ্বাৰ। যেয়ে সেয়ে ইয়ালৈ আহিব পাৰে। আমি ভাৰতীয়, যাৰ দেশৰ সৈতে ইংলণ্ডৰ ইমান সম্পৰ্ক, আমি নাহিম কিয়?

 ইংলণ্ডৰ ৰাজধানী লণ্ডন পৃথিৱীৰ ভিতৰত এখন প্ৰধান ঠাই। লণ্ডনক কোনোৱে কোনোৱে প্ৰধান স্থান দিয়ে, কোনোৱে নিদিয়ে। আমাৰ কামৰ অৰ্থে আমি এই ঠাইক প্ৰধান স্থান দিছোঁ। লণ্ডনত আন কোনো কাম-কাজ নিশিকি যদি কোনোৱে দিনৌ তাৰ দুখন বাতৰি কাকত এবছৰমান পঢ়ে আৰু লণ্ডনৰ বাটে-গলিয়ে চকু মেলি, কাণ থিয় কৰি ফুৰে, তেনেহ'লে তেওঁ সেই এবছৰত যিমান কথা শিকিব, কলিকতা কি ভাৰতৰ আন কোনো ঠাইত সিমান কথা শিকিবলৈ, সিমান বস্তু দেখিবলৈ পাঁচ বছৰ থাকিলেও সুবিধানহ'ব। লণ্ডনলৈ আমি কেৱল এই কামৰ নিমিত্তে আমাৰ দেশৰ মানুহক আহিবলৈ নকওঁ, ইয়াত শিকা নেযায়, এনে কাম খুব তাকৰ। আপুনি যদি ভাৰতীয় Civil Serviceত কাম ল'ব খোজে, ইয়ালৈ আহিব লাগে; যদি ব্যাৰিষ্টাৰ হ’ব খোজে, ইয়ালৈ আহিব। লাগে; ইয়াত আপুনি এঞ্জিনীয়েৰৰ সকলো ৰকম শাখা-প্ৰশাখাৰ শিক্ষা ল’ব পাৰে। যদি ইণ্ডিয়ান মেডিকেল চাৰ্ভিচত সোমাব খোজে, ইয়ালৈ আহিব লাগে; যদি ডাক্তৰ হ'ব খোজে, ইয়ালৈ আহিব লাগে। ইয়াত কি আছে তাকে বিচাৰিবলৈ ৰামায়ণ-মহাভাৰত লেখিব লাগিব; ইয়াত কি নাই তাকহে মানুহক সোধা উচিত।

 লণ্ডনৰ প্ৰধান বাট এটাত আমি যদি থিয় হৈ কেইমিনিটমান থাকোঁ, আৰু আমি যদি মানুহবোৰ লেখিবলৈ ধৰোঁ, তেনেহ'লে আমি লেখ-জোখ হেৰুৱাম। অক্সফোৰ্ড চাৰ্কাচ কি পিক্যাডেলি চাৰ্কাচ (এইয়া কলিকতালৈ জাৰকালি যি চাৰ্কাচ আহে সেই চাৰ্কাচ নহয়,। বাটৰ নাম; সেই ঠাইবোৰ প্ৰায় গোলাকাৰ; বহুতো ঠাই গোট খায় আহি; সেই দেখিয়েই বোধকৰোঁ চাৰ্কাচ বোলে) দুপৰীয়া, ভালদিনত চাবৰ ঠাই। প্ৰত্যেক দিন (দেওবাৰ বাদে) এনে গেজা-গেজি তাত যেন মেলাহে। আৰু একৰকম চাবলৈ গলে সি সঁচাসঁচিকৈ মেলা। লণ্ডনৰ প্ৰত্যেক প্ৰধান প্ৰধান ঠাইত দোকান—সি কেনে দোকান? কলিকতাৰ চৌৰঙ্গীৰ গ্ৰ্যাণ্ড হোটেলৰ তলত থকা দোকানবোৰ দেখিলে অলপ আভাস পোৱা যায়। ইয়াত কাম-কাজ নোহোৱা, ৰূপবান থকা কি নথকা, তিৰুতা মানুহে দোকানবোৰৰ আগত থিয় দি চাই ফুৰাই তেওঁলোকৰ জীৱনৰ এটি প্ৰধান কাম। “Looking at the shops” তিৰুতা-জীৱনৰ এটা প্ৰধান কাম, এটা উচ্চ আশা। দুখীয়া তিৰুতা ছোৱালী