পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
বিলাতৰ চিঠি

Cross, Great Eastern Railway টাৰ্মিনাচ ৷  বিলাতৰ ষ্টেশ্যনবোৰত Cloak-room-ৰ অৱস্থাটো বৰ ভাল। প্ৰত্যেক টোপোলা কি বাকচেপতি দুপেনী কৰি দিলে সেই বস্তুবোৰ এদিন থৈ দিয়ে। মই সেইদিনা লণ্ডনত ইমান ফুৰিলোঁ — ক’ৰ Brixton, ক’ৰ Bays Water, ক’ৰ Highgate —লগে লগে সেই বস্তুবোৰ লৈ যোৱা হ’লে, কিমান খৰচ হ’লহেঁতেন আৰু আনপিনেও নানান নগুৰ-শাস্তি হ’লহেঁতেন। আমাৰ ভাৰততো ডাঙৰ ষ্টেশ্যনৰবাৰত Cloak-room আছে যেন পাওঁ, কিন্তু সকলো ষ্টেশ্যনত থাকিলে যাত্ৰীবিলাকৰ পক্ষে বৰ সুবিধাজনক হ’ব। অৱশ্যে বাটচোৱা ঘৰবোৰত ওখ শ্ৰেণীত ফুৰা যাত্ৰীবিলাকে তেনেকৈ বস্তু থ’ব পাৰে। বিলাতত সকলো যাত্ৰীয়ে Cloak-room-ত বস্তু থ’ব পাৰে।

 আমাৰ ইয়াত মানুহসকলে কয়, “মিষ্টাৰ গ্লেডষ্টনে তৃতীয় শ্ৰেণীত ফুৰিছিল।” কিন্তু তাৰ তৃতীয় শ্ৰেণী আৰু ইয়াৰ তৃতীয় শ্ৰেণীৰ ব্যৱস্থা বহুত ভিন্, যদিও অৱশ্যে গ্লেডষ্টনৰ দৰে মানুহে তাৰ তৃতীয় শ্ৰেণীত ফুৰা আচৰিত আৰু গৌৰৱৰ কথা। তাত তৃতীয় শ্ৰেণীত ফুৰাটোৱেই নিয়ম। প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত তাকৰভাগ মানুহেহে ফুৰে। ইয়াত প্ৰায় যিবোৰ মানুহে প্ৰথম-দ্বিতীয় শ্ৰেণীত ফুৰে, তালৈ গ’লে তৃতীয় শ্ৰেণীতহে সৰহভাগে ফুৰিব। গ্লেডষ্টনে বোধকৰোঁ ইয়াৰ তৃতীয় শ্ৰেণীত ফুৰিব নোৱাৰিলেহেঁতেন। Duke কি Marquis এনে এজন মানুহে বোলে শুনিছোঁ তাত তৃতীয় শ্ৰেণীত ফুৰিছিল। কিন্তু তেওঁ ফুৰাত অলপ নতুনত্ব আছিল। তেওঁ যিখন গাড়ীত উঠিছিল, সেইখন গাড়ীত সকলো যাত্ৰীকে ওখ শ্ৰেণীলৈ পঠাইদি নিজে তৃতীয় শ্ৰেণীত সুখেৰে ফুৰিছিল। অৱশ্যে নিজে সেই ওখ শ্ৰেণীৰ ভাড়া দিছিল; কিন্তু এনেকৈ তৃতীয় শ্ৰেণীত ফুৰাৰ লাভ কি? আৰু কেইজনেই বা তেনেকৈ ফুৰিব পাৰে?

 মই সুন্দৰমতে তৃতীয় শ্ৰেণীৰ গাড়ী এখনত অকলৈ উঠি নানান আমাৰ দেশী গীত গাই চাৰিওপিনে প্ৰকৃতিৰ শোভা চাই কেম্ব্ৰিজ পালোঁগৈ। কেম্ব্ৰিজ ষ্টেশ্যন পোৱাৰ আগতে তাৰ ঘৰ-বাৰী, মন্দিৰৰ চুড়াবোেৰ মানুহৰ চকুৰ আগত পৰি মানুহক কৈ দিয়ে, “চোঁৱাহি, চোঁৱাহি মোক, কেনে সুন্দৰ মই!” অথচ কেম্ব্ৰিজ যদিও তেনে সুন্দৰ নহয়, কেম্ব্ৰিজতকৈ অক্সফোৰ্ড সুন্দৰ। ৰেলগাড়ীৰপৰা কেম্বিজৰ চূড়া দেখা কথা লেখিছোঁ; কিন্তু ৰেলগাড়ীৰপৰা আমাৰ কাশী যেনে সুন্দৰ দেখি, তেনে দৃশ্য ৰেলগাড়ীৰপৰা অতি কমহে দেখিবলৈ পোৱা যায়।।

 কেম্ব্ৰিজ ষ্টেশ্যন পাই এটা ল’ৰাৰ মূৰত বাকচটো আৰু কিবা যদি সৰু-সুৰা টোপোলা- টাপলি আছিল (নাছিল বোধহয়), দি তাক ক’লোঁ, “আপা, মোক টেনিচ কোৰ্ট ৰোডলৈ লৈ যা।” সেই বাটৰ ২৪ কি ২৬ নম্বৰত তেতিয়া মিঃ সুকুমাৰ সেন (মোৰ ডনেৰা জাহাজৰ সহযাত্ৰী) আছিল। তেওঁৰ ঘৰলৈকে গ’লোঁ। এই বাটটি Downing Col-