পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
বিলাতৰ চিঠি


ইয়াৰ পহৰাৱালা আৰু গাৰোৱানবোৰৰ বিলাতৰ পহৰৱালা আৰু গাৰোৱানবোৰৰপৰা বহুতো শিকিবলগীয়া আছে। হয় সিহঁতৰ কেজনমানে আহি শিকাই যোৱা উচিত, নহ’লে আমাৰ ইয়াৰপৰা কেজনমান গৈ শিকি অহা উচিত। বোধকৰোঁ শেহৰটোৱেই ভাল; আমাৰ মানুহে নতুন কথা শিকাৰ লগে লগে নতুন ঠাই দেখি আহিব।

 আজি আৰু ইমানতে৷ আমনি নাই পোৱা আশা কৰোঁ।

(২১)

 গ’লবাৰ বিলাত আৰু কলিকতাৰ পুলিচৰ সম্পৰ্কে লেখিছিলোঁ। আমাৰ আসামৰ বিষয়ে উল্লেখ কৰা নাছিলোঁ। ঘৰুৱা কথানো কি কম?

 ১৮৯৬ খ্ৰীষ্টাব্দত স্কুল জহকালি বন্ধ হোৱাত কেম্ব্ৰিজলৈ যাওঁ বুলি লণ্ডনলৈ আহিছিলোঁ। চেলেমচ্‌ফৰ্ড (Chelmsford) দহ-এঘাৰমান বজাত এৰি পঞ্চল্লিশ মিনিটমানৰ পাছত লণ্ডন পালোঁগৈ। লণ্ডনৰপৰা চেলেমচ্‌ফৰ্ড তিৰিশ মাইল— ৰেলৰ কেৰেয়া আঢ়ৈ চিলিং আৰু আধা পেনী তৃতীয় শ্ৰেণীৰ। লণ্ডন পায়েই চিনাকি মানুহৰ সৈতে দেখা কৰিবলৈ গ’লোঁ। প্ৰথমে বোধকৰোঁ লিভাৰপুল ষ্ট্ৰীটৰ (Liverpool Street, Great Eastern Railways) টাৰ্মিনাচ পৰা বাচ্ (Bus) লৈ মিচেচ্‌ কীটিঙৰ ব্ৰিষ্টনৰ (Brixton) টালচ হিললৈ (Tulse Hill) গ’লোঁ। সেই সময়ত মোৰ অভিভাৱক মিচেচ্‌ কীটিং (মিচে স্পীয়েৰচৰ ভনীয়েক) আছিল। তাৰ পাছতহে মিচ্‌ ম্যানিং হ’ল। তেওঁলোকৰ সৈতে দেখা-সাক্ষাৎ কৰি মিচেচ্‌ মল্লিকৰ সৈতে দেখা কৰিবলৈ বেজ ৱাটাৰলৈ (Bays Water) গ’লোঁ। সেইফালে সন্ধ্যা হ’ল। তাৰ পাছত মিচেচ্‌ স্পীয়েৰচৰ সৈতে দেখা কৰোঁ বুলি হাইগেটলৈ (Highgate) গ’লোঁ। সেইদিনা কৰবাত মই ৰেইলৱে গাইড এখন চাই দেখিছিলোঁ যে লিভাৰপুল ষ্ট্ৰীটৰপৰা কেম্বিজলৈ সেইদিনা ৰাতি শেষ গাড়ীখন দহবাজি কুৰি মিনিটত যায়। সেইদেখি মিচেচ্‌ স্পীয়েৰচহঁতৰ তাত ন বজালৈকে আছিলোঁ। পাছত ষ্টেশ্যনলৈ গৈ দেখোঁ যে ট্ৰেইন মই প্ল্যাটফৰম্‌ পাওঁতেই এৰি দিলে।। কথা হৈছে যে মই গাইডখন দেখাত ভুল কৰিছিলোঁ। দহবাজি কুৰি মিনিটৰ ঠাইত দহ বাজি দুই মিনিট হোৱা উচিত আছিল। ১০-২০ মিনিটত ট্ৰেইন যোৱা হ’লে মোৰ বেছ সময় থাকিলহেঁতেন। ক্লোক ৰুম (Cloak Room)-তে মোৰ বস্তুবোৰ পুৱা থৈ গৈছিলোঁ। তাৰপৰা সুন্দৰৰূপে বস্তুবোৰ আনি টিকট কৰি দহ মিনিটমান সময় পালোঁহেঁতেন। ভুল দেখি বিপদত পৰিলোঁ। এতিয়া কি কৰোঁ? লণ্ডনত লিভাৰপুল ষ্ট্ৰীট এটা বৰ ডাঙৰ ষ্টেশ্যন, হাওৰা ষ্টেটশ্যনতকৈও ডাঙৰ। এতিয়া নিৰুপায় হৈ ভাবিলোঁ যে হাইগেটলৈকে মিচেচ্‌ স্পীয়েৰচৰ তালৈকে যাওঁ৷ এইবুলি মুৰগেট ষ্ট্ৰীটৰপৰা ট্ৰেমগাড়ী ল’লোঁ। হাইগেট