পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিলাতৰ চিঠি।

(১)

সম্পাদক ডাঙৰীয়া, আপোনাক এই নতুনভাৱে সম্বোধন কৰি মনত যে কিমান আনন্দ অনুভৱ কৰিছোঁ, তাক এই চিঠিদ্বাৰাই কেনেকৈ জনাম? আপুনি সাহিত্যনুৰাগী। * * * * ভগৱানে আপোনাক সুস্থ শৰীৰে সানন্দে মনৰ শান্তিৰে এই কাম কৰি থাকিবলৈ অৱসৰ দিয়ে, — তেওঁৰ ওচৰত আমাৰ এই প্ৰাৰ্থনা।

 আপুনি মোক বিলাতী বাতৰি দি এখন চিঠি লেখিবলৈ নিমন্ত্ৰণ কৰিছে। সেই নিমন্ত্ৰণ সানন্দেৰে গ্ৰহণ কৰিছোঁ— কিন্তু সেই নিমন্ত্ৰণৰ যোগ্য মই নহওঁ— তেও আপোনাৰ নিমন্ত্ৰণ ৰক্ষা নকৰি নোৱাৰিলোঁ।

 আমাৰ দেশ দুখীয়া। ভাৰত দুখীয়া। দুখীয়া ভাৰতৰ ভিতৰত আমাৰ নিজৰ আসাম সকলোতকৈ দুখীয়া। দুখীয়া হ'লেও আমাৰ দেশত যে ধনী মানুহ নাই এনে নহয়— আসামত দুখীৰ দুখী অৱস্থাৰে ধনী মানুহ আছে। কিন্তু টকা থাকিলে কি হ'ব? টকাৰ সদ্ব্যৱহাৰ কেইজনে কৰে? আমি শুনিছোঁ যে ১৮৯৭ চনত যে আসামত ভূমিকম্প হৈ গৈছিল, সেইসময়ত মাটিতলতপুতি থোৱা টকা এজনৰ ঘৰৰপৰা ৮০,০০০ ওলাইছিল আৰু কোনো এজন ডাঙৰ মানুহৰ মোকৰ্দ্দমা হোৱাত উকীল-মুক্তিয়াৰসকলে এনে টকা ফীজ পাইছিল যে সেইবোৰ টকা তপত পানীত ধুই, তেঁতেলীৰে ঘঁহি-মাজি লোৱাৰ পাছতহে জনা গৈছিল সেইবোৰ টকা বুলি। এইবোৰ টকাৰে দেশৰ কত উপকাৰ হ’ব পাৰিলেহেঁতেন। এইবোৰ টকা ব্যৱসায়ত লগোৱা হ'লে কিমান মানুহৰ ভৰণ-পোষণ হ’লহেঁতেন, দেশৰ শ্ৰী কিমান বাঢ়িলহেঁতেন, আমাৰ দুখীয়া দেশৰ কত উন্নতি হ'লহেঁতেন। ইয়াৰ নিমিত্তে কোন দায়ী?

 উত্তৰত কওঁ যে আমি নিজে দায়ী। আমি নিজে নিজৰ উন্নতি নকৰিলে আমাক সাহায্য কৰোঁতা কোনো নাই। কোনোৱে কোনোৱে গৱৰ্ণমেণ্টৰ দোষ ধৰে। গৱৰ্ণমেন্টে কিমান কৰিব? যিমান তেওঁলোকে পাৰে কৰে। গৱৰ্ণমেণ্টৰ ওপৰত ভৰসা কৰি থাকি