পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
বিলাতৰ চিঠি


ফলমূল, শস্য আছিল। ফলৰ ভিতৰত apple য়েই বেছি। তেওঁলোকে হাঁহ ইত্যাদি পুহিছিল। বাৰীখন বেছ বঢ়িয়া। লণ্ডনত এনে বাৰী বিৰল। লণ্ডনৰ উপনগৰবিলাকতহে কেতিয়াবা এনে বাৰী দেখা যায়। আজিকালি লণ্ডন বাঢ়িবই লাগিছে। লণ্ডন বাঢ়িছে। মানুহ বাঢ়িছে দেখি। তাৰ লগে লগে এনে বাৰী থকা ঘৰৰ সংখ্যাও তাকৰ হৈছে। দুশ, তিনিশ, চাৰিশ টকা মাহে পোৱা মানুহে বৃটেনত যিমান সুবিধা কৰি সকলো ৰকমে ভালকৈ থাকিব পাৰিব, ইয়াত তেনে সুকলমে-সুযোগে পৰিপাটিকৈ থাকিব নোৱাৰিব। এই কথাত হয়তো বহুতে আচৰিত মানিব; কিন্তু ই সঁচা, ইয়াৰ অৰ্থ আছে, পাছত কোৱা যাব। আজি তেনেহ'লে আৰু ইমানতে।

(১৮)

 গ’লবাৰত কৈছিলোঁ যে বিলাতত দুশ, তিনিশ, চাৰিশ টকা মাহে দৰ্ম্মহা পোৱা মানুহে ইয়াতকৈ সুখে-স্বচ্ছন্দে থাকিব পাৰে। তাৰ মানে হৈছে তাত ঘৰৰ কেৰেয়া কলিকতা কি গুৱাহাটীতকৈ কম; অৰ্থাৎ এনে দৰ্মহা পোৱা মানুহে যেনে ঘৰত থাকিব তেনে ঘৰৰ। চল্লিশ, পঞ্চাশ, ষাঠি টকাত ইয়াতকৈ ভাল ঘৰ পোৱা যায়। ঘৰ নেপালে দুটা কি তিনিটা খোঁটালী কেৰেয়া লৈ সুচাৰুৰূপে সুকলমে থাকিব পাৰি। মেজ, মাচিয়া, খাট ইত্যাদি কিনি সপ্তাহে সপ্তাহে কি মাহে মাহে তাৰ কেৰেয়া দিব পাৰি। নতুবা কেৰেয়া দিয়াৰ দৰে দাম দি থাকি সেইবোৰ বস্তু কিনিবও পাৰি। ইয়াক Hire-pur- chase system কয়। “হায়াৰ-পাৰ্চেচ চিষ্টেম”ত বস্তু ল'লে কোনোবাই ধন দিব নোৱাৰিলে সেই বস্তু আকৌ বেচোঁতাই ল'ব পাৰে। তাত এটি লিগিৰীৰে কাম চলাব পাৰি— তাইক মাহে ১৫২০ টকা দিলেই হয়, অৱশ্যে খোৱা-বোৱাও দিব লাগে। (এইবোৰ কিন্তু মহাৰণৰ আগৰ কথা দেই।) তায়েই সকলো কাম কৰিব। ঘৰৰ ঘৈণীয়েক আৰু ল'ৰা-ছোৱালীহঁতে অৱশ্যে ঘৰৰ কামত সাহায্য কৰে। সৰু-সুৰা কাম, যেনে—ডাকঘৰত চিঠি দিয়া, জোতা পিন্ধাই দিয়া, কাপোৰত বুৰুজ কৰা, এনেবোৰ কাম কৰাবৰ দৰ্কাৰ হলে চাকৰৰ সাহায্য ল’ব নেলাগে। এই লিগিৰীজনীয়ে ঘড়ী ধৰি সময়মতে উঠি সকলো কাম কৰিব। সকলো কাম ঘড়ী চাই কৰে ৰন্ধা-বঢ়া সকলো।

 বস্তু-বেহানি কিনিবলৈ হ'লে নিজেই যাব লাগে। তাত আত্মনিৰ্ভৰ গুণটো বাঢ়ে, সেইদেখি খৰচো ইয়াতকৈ কম। ইয়াত তিনিশ, চাৰিশ, পাঁচশ টকা পোৱা মানুহৰ “নবাবী চাল” হয়। তেনে তাত নহয়। মই কিন্তু অতি দুখীয়া মানুহৰ কথা কোৱা নাই। মোৰ মনেৰে অতি দুখীয়া মানুহৰ অৱস্থা বিলাততকৈ আমাৰ ইয়াত ভাল। মাহে ৩০৷৪০৷৫০