পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘বিলাতৰ চিঠি আৰু কথা’ বোলা প্ৰবন্ধবোৰ স্বৰ্গীয় বেজবৰুৱাৰ সম্পাদিত ‘বাঁহী’ কাকতত ধাৰাবাহিকৰূপে প্ৰকাশ হৈছিল। জে, বৰুৱা ডাঙৰীয়া তেতিয়া বিলাতত আছিল আৰু তাৰপৰাই তেওঁ প্ৰবন্ধবোৰ লিখিছিল। আমি তেতিয়া ইংৰাজী স্কুলৰ তলৰ শ্ৰেণীৰ ছাত্ৰ। এইবোৰ চিঠিত থকা কথাবোৰ তেতিয়া আৰব্য-উপন্যাসৰ কথাৰ দৰে লাগিছিল। বৰ্তমান পুথিত সেইবোৰ প্ৰবন্ধ বাছি উলিয়াই প্ৰকাশ কৰা হৈছে।

বিষয়বস্তুৰ সঙ্কলন আৰু লিখাৰ নিখুঁতৰীতিৰ বাবে এই প্ৰবন্ধবোৰ পুৰণি হলেও সজীৱ আৰু চিৰনতুন। আজিকালি অসমীয়া সাহিত্যত বাৰে বঙলুৱা বাক্য-বিন্যাসেৰেভৰপূৰ প্ৰবন্ধৰ প্ৰাদুৰ্ভাৱ দিনক দিনে বাঢ়িব লাগিছে। নিভাজ অসমীয়া গদ্যৰ চানেকি বুলি আঙুলিয়াব পৰা প্ৰবন্ধ অতি বিৰল। এনে অৱস্থাত নিখুঁত অসমীয়া জতুৱাঠাঁচৰ নিদৰ্শন হিচাপে জে. বৰুৱা ডাঙৰীয়াৰ ৰচনাৱলীয়ে নতুন লিখাৰুসকলক বাট দেখুৱাব; আৰু প্ৰবন্ধবোৰৰ ভিতৰত থকা কথাবোৰে সকলো শ্ৰেণীৰ পাঠককেই আনন্দ দিব, সেই বিষয়ে নকলেও হ'ব।


২৮/৯/৩৯ইং শ্ৰীবাণীকান্ত কাকতি