পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
বিলাতৰ চিঠি

লৈ বস্তু-বাহানিবোৰ ঠিক-ঠাক কৰি থোৱা যায়। আমি হেনৰী এচ্‌কিঙৰ মানুহটোক আমাৰ বস্তুবোৰ গতাই দিলোঁ। প্ৰথমে দিব নুখুজিছিলোঁ, পাছত মানুহটোৱে বুজোৱাত আৰু আন আন মানুহে দিয়াত আমিও দিলোঁ।

 লণ্ডনৰ ডক্‌চ চাবলগীয়া ঠাই। আমি লণ্ডনৰ ডক্‌চৰ মুখত অলপপৰ ৰলোঁ। তেতিয়া আমি জাহাজত আমাৰ শেহ আহাৰ খাই ল'লোঁ—এক বজাৰ ডিনাৰ। তাৰ পাছত আমাৰ চাকৰ-বাকৰক অলপ বক্‌চিচ্‌ দি জাহাজ এৰিবলৈ সাজু হ'লোঁ।


(১৪)

 ক’বলৈ পাহৰিছোঁ, আমি জাহাজৰ টিকট কলিকতাত কিং হেমিল্টন কোম্পানীৰপৰা কিনিছিলোঁ। আমাক সেই ঠাইলৈ ডাক্তৰ বেজবৰুৱাই লৈ যায়। হেনৰী এচ্‌কিঙৰ মানুহক আমাৰ বস্তু গতাই দিয়াৰ সিও এটা কাৰণ। লণ্ডনৰ হেনৰী এচ্‌কিঙৰ শাখা কলিকতাত কিং হেমিল্টন।

 আমাৰ দ্বিতীয় কেবিনৰ বৰ ষ্টিউৱাৰ্ড ইংৰাজ আছিল। তাক আমি পঁচা তুলি কিছুৰূপ দিলোঁ। আমাক যি বাবুৰ্চীয়ে ৰাতি উপৰিকৈ ৰান্ধি খুৱাইছিল তাকো অলপ দিলোঁ। ইদ্ৰিছকতো দিলোঁৱেই। আটাইকে যাক যি দিবলগীয়া দি সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিলোঁ। কিন্তু সন্তোষ উৎপাদন কৰিব পাৰিছিলোঁ নে নাই ক'ব নোৱাৰোঁ, কিয়নো বক্‌চিচ্‌ দি মানুহক সন্তোষ দিয়া টান।

 আমাৰ লগৰীয়াসকলক জাহাজৰপৰা লৈ যাবৰ নিমিত্তে কেইজনমান মানুহ আহিছিল। যোগেন পালক লৈ যাবৰ নিমিত্তে ছোট আদালতৰ ভূতপূৰ্ব্ব জজ্‌ মিঃ জোন্‌চ আৰু এজন ইংৰাজ সাউদৰ অফিচাৰ ডেকা এজন আহিছিল। মিঃ জোন্‌চ আহিছিল কিয়নো পালৰ বাপেক ছোট আদালতৰ উকীল আছিল। সাউদৰ আপিচৰ ডেকা আহিছিল, কিয়নো পালৰ ককায়েক মিঃ বিজয়কৃষ্ণ পাল কলিকতাৰ এজন সাউদ, সেইদেখি বিলাতৰ সাউদৰে সৈতে চিনাকি। (এতিয়া স্বৰ্গীয়) বেৰিষ্টাৰ জি. ডি. শীলেও বোধকৰোঁ তেওঁকে নিবলৈ আহিছিল। আমাৰ মহম্মদীয় সহযাত্ৰীক লৈ যাবৰ নিমিত্তে মিঃ আহেমেদুল্লা বুলি আৰু এজন মহম্মদীয় আহিছিল।

 মিঃ সত্যেন্দ্ৰ আৰু সুকুমাৰ সেনক লৈ যাবলৈ কাপুৰথালাৰ এতিয়া এডিকঁ ম্যোস্‌ইও, ৰোহিণী চাটাৰ্জ্জী আৰু এতিয়া বোম্বাই চিভিল চাৰ্ভিচৰ সভ্য মিষ্টাৰ জ্যোৎস্না ঘোষাল আহিছিল। কিন্তু মোক লৈ যাবৰ নিমিত্তে কোনো অহা নেদেখি মোৰ বৰ বেয়া লাগিল। বিদেশ, তাতে আকৌ বয়স তাকৰ, দেশৰপৰা ইমান দূৰ, চাৰিজন জাহাজৰ বন্ধুক হেৰুৱাবৰ সময় আগবাঢ়ি আহিছে ইত্যাদি নানা কাৰণত মোৰ মন বৰ বেয়া লাগি আমন-জিমন