পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
বিলাতৰ চিঠি

নাওখনৰ সিমান ওচৰেদি নগৈছিল। সেই মাল জাহাজখন ইটালী দেশীয়। আটাবোৰ খালাচীয়েই সেই দেশৰ, কেৱল মাথোন এটি ইংৰাজৰ ল'ৰা আছিল, সি কাপ্তানৰ ‘বয়’ আছিল। সিহঁত মুকলি নাৱত, অপাৰ সমুদ্ৰত দুদিন-দুৰাতি উটি ফুৰিছিল। সিহঁতৰ অৱস্থা কেনে বুজিবই পাৰি। আমাৰ ‘ডনেৰা’ জাহাজৰ কৰ্ম্মচাৰীসকলে আৰু আটায়ে সিহঁতৰ প্ৰতি মৰম দেখুৱাই, কাপোৰ-কানি নোহোৱাবোৰক কাপোৰ-কানি দিলে আৰু ডাক্তৰবোৰে পৰীক্ষা কৰি দৰৱ-জাতি, পথ্যৰ বন্দৱস্ত কৰি দিলে। আমাৰ লগতে সিহঁতক ইংলণ্ডলৈ লৈ যোৱা হ'ল। সিহঁতে যেতিয়া জৰীয়েদি বগাই বগাই এটা এটাকৈ নাৱৰ পৰা জাহাজৰ ওপৰলৈ আহিল, তেতিয়া সিহঁতৰ চকুৱেদি কৃতজ্ঞতাৰ অশ্ৰু বৈ গৈছিল, পাঠকসকলে অলপ ভাবি চালে গম পাব। দুদিন-দুৰাতি সিহঁত অনন্ত অপাৰ সমুদ্ৰ ওপৰত, বঠা নাই (আৰু বঠা থাকিলেই বা কি হ'লহেঁতেন?) সহায়হীন, আশ্ৰয়হীন। কেৱল বিপদৰ বন্ধ কৰুণাময় পতিতপাৱনেই সিহঁতৰ একমাত্ৰ অৱলম্বন। কোনো কোনো যাত্ৰীৰ চকুৰ পানীৰে গাল তিতি যোৱা আমাৰ মনত আছে। ইংৰাজ ল'ৰাটিৰ নিমিত্তে এটি চব্‌চক্ৰীপ্‌চন খোলা হ’ল। ইটালীয় খালাচীবোৰক ইটালী দেশৰ লণ্ডনত থকা ৰাজদূতৰ কচাৰিত চাগৈ পহুচাই দিয়া হ'ল; ইহঁত নাৱৰপৰা আমাৰ জাহাজত উঠোঁতে সৌভাগ্যক্ৰমে সমুদ্ৰ নদীহেন আছিল। সেইদেখি সকলোটি সুকলমে বিনাকষ্টে আৰু নিৰ্বিঘ্নে জাহাজত উঠিবলৈ সক্ষম হৈছিল। যাৰ শেহ ভাল, তাৰ সকলো ভাল।


(১৩)

 ভগৱানৰ কি ইচ্ছা! যোৱাবাৰ ‘ডনেৰা’ জাহাজে সমুদ্ৰত মানুহ উদ্ধাৰ কৰাৰ কথা লেখিছিলোঁ। ছপাখানালৈ সেই বিষয় লেখি পঠোৱাৰ পাছতেই পৃথিৱীৰ ভিতৰত এটি ভয়াবহ ঘটনা হৈ গল; সভ্য জগতৰ ভিতৰত আটাইতকৈ ডাঙৰ জাহাজ , সুসজ্জিত, মহাৰাজ-ৰজাসকলৰো লোভ লগা আধুনিক সভ্যতা আৰু বিলাসিতাৰ চৰম সীমাৰ চানেকি, ‘টাইটেনিক’ জাহাজ ষোল হেজাৰ মানুহ বুকুত লৈ সমুদ্ৰগৰ্ভত মগ্ন হ’ল।। ভগৱানৰ কি লীলা! এই জাহাজখনত নথকা একো বস্তু নাছিল আৰু এই জাহাজ যে বৰফৰ পৰ্ব্বতৰ লগত সংঘৰ্ষণ লাগি বা আন কোনো উপায়ে ডুবিব পাৰে কোনেও সপোনতো ভবা নাছিল। এই বিষয় বাঁহীৰ পাঠক-পাঠিকাসকলে নিশ্চয় দৈনিক বাতৰিকাকতত পঢ়িছে। কিন্তু সমুদ্ৰত এনে বিপদ হোৱা কোনেও শুনা নাই। বহুতো ডাঙৰ-সৰু মানুহৰ মৃত্যু হ’ল। তাৰ লগত বিলাতৰ এজন প্ৰধান লেখক, সম্পাদক, ভাৰতৰ এজন প্ৰধান বন্ধু ঢুকাল। মিষ্টেৰ্‌ ষ্টেড্‌ ৰিভিউ অব্‌ ৰিভিউজৰ সম্পাদক মৃত্য হোৱা মানুহৰ লেখত পৰিল। তেওঁৰ মৃত্যুত সকলোৱেই দুঃখিত। সমুদ্ৰত বিপদ-আপদ হলে, জাহাজ ডুবাৰ শঙ্কা হলে, আগেয়ে তিৰুতা আৰু সৰু ল'ৰা-ছোৱালীক নিৰাপদে