পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
বিলাতৰ চিঠি

কৰি আমি তাৰে সৈতে কথা পতা মনত আছে। তাৰ কোচওৱানবোৰে ঘোঁৰাক নোকোবায়, অৰ্থাৎ ঘোঁৰাৰ গাত চাবুক নেমাৰে। এনেয়ে চাবুক চটপ্‌ চটপ্‌ কৰি গাৰ ওচৰত শব্দ কৰে। সেই শব্দ আমাৰ নতুন লাগিছিল।

 নেপোল্‌চ সাঁজবেলিকা এৰিলোঁ। নেপোল্‌চৰ কথা ভবিলে আমাৰ ‘য়াম্বা, আম্বা’ আৰু মাৰ্গেৰীট’ গান আৰু ম্যাণ্ডোলীন বাজনাৰ বিষয়েহে মনত পৰে।

 নেপোল্‌চ এৰি জাহাজ একেবাৰে প্লিমাথত ৰ'লগৈ। আমাৰ বহুতো মানুহে ইয়াক প্লাইমাউথ বোলে, কিন্তু উচ্চাৰণ প্লিমাথহে।


(১২)

 নেপোলচ এৰি আমি প্লিমাথমুৱা হ'লোঁ। আমি জাহাজখনিকে নিজৰ ঘৰবাৰী যেন ভাবি প্ৰফুল্ল মনেৰে যাবলৈ ধৰিলোঁ।এইখিনিতে আমাৰ উল্লেখযোগ্য ঘটনা এটি হৈছিল।

 আমি জিব্ৰাল্টাৰ এৰিলোঁ— এই ঠাইত জাহাজ ৰোৱা নাছিল। বে অব্‌ বিচ্‌কে পালোঁ। এই বে অব্‌ বিচ্‌কে জগদ্বিখ্যাত। এই সমুদ্ৰ অলপ নহয় অলপ উত্ৰাৱল। অন্ততঃ এই নিমিত্তেই এই বে বিখ্যাত। বে অব্ বেঙ্গলো এই নিমিত্তে বিখ্যাত। বে অব বিচ্‌কেত জাহাজ বেছিভাগ roll কৰে, অৰ্থাৎ ইকাতি-সিকাতি হয়। আৰু বে অব বেঙ্গলত pitch কৰে। এমূৰৰ পৰা সিমূৰলৈ জাহাজ দোলে। কোনো কোনো ঠাইত roll, pitch দুইটা কৰে, সেই তেতিয়াই সমুদ্ৰ নৰিয়া (sea sickness) হোৱাৰ বেছি সম্ভাৱনা। বে অব্‌ বিচ্‌কেত জাহাজ roll কৰিছিল সঁচা, কিন্তু আমাৰ কাৰো সমুদ্ৰ নৰিয়া হোৱা মনত নপৰে, কিয়নো আমাৰ ভাৰতত বে অব্‌ বেঙ্গলতে তাৰ এপালি হৈ গ'ল।

 বে অক্ বিচ্‌কে এটলাণ্টিক মহাসমুদ্ৰৰে এভাগ। প্লিমাথ পাবৰ দুই তিনি দিনমান আছে। অলপ অলপ জাৰ অনুভৱ কৰিবলৈ ধৰিলোঁহঁক। এদিন এক বজাৰ আহাৰৰ পাছত আমি ডেকৰ ওপৰত বহি-শুই গপ পাতি আছোঁ, এনেতে জাহাজৰ ওচৰতে এখন সৰুনাও দেখিলোঁ। সেই নাও নৈ কি কূলৰ ওচৰত দেখা হ'লে একো আচৰিত হ’বলগীয়া কথা নাছিল। কিন্তু কূল বহু দূৰত, ঠাই মহাসমুদ্ৰ। তাৰ পাছত দেখিলোঁ তাত মানুহ আৰু তাৰে এটা মানুহে তাৰ কামিজ, লাখুটি কি কিবা এনে বস্তু বান্ধি আমাৰ জাহাজৰ পিনে প্ৰাণপনে জোকাৰিবলৈ ধৰিলে আৰু তাৰ লগে লগে চিঞৰাও শুনিলোঁ। আমাৰ দ্বিতীয় শ্ৰেণীৰ ডেকত আমি কেজনৰ বাদে আৰু কেও নাছিল। বোধকৰোঁ আহাৰৰ পাছত তলত বিশ্ৰাম কৰিছিল। আমি সেই নাৱত কামিজ জোকৰা দেখি আৰু চিঞৰ শুনি আচৰিত হ'লোঁ আৰু আমিও চিঞৰিলোঁ। তাৰ পাছত যিজন বিষয়াই সেই