পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিলাতৰ চিঠি: আগকথা

  জে. বৰুৱা ডাঙৰীয়াই ‘বিলাতৰ চিঠি’ৰ আগকথা লিখাৰ ভাৰ বিলাতলৈ নোযোৱা মানুহ এজনক এইবুলি দিলে যে বিলাতলৈ যোৱা মানুহৰ পক্ষে বিলাতৰ চিঠি’ত কোনো নতুনত্ব নাই, এনে কি তেওঁলোকে ইয়াৰ পাত লুটিয়ায়ো নেচাব। বিলাতলৈ নোযোৱা মানুহে পুথিখনি পঢ়ি কেনে পাব পাৰে, সেই বিষয়ে তেওঁ পঢ়ুৱৈ সমাজৰ পক্ষৰপৰা দুই-এষাৰ শুনিব খোজে।

  আহোম ভাষাৰপৰা ধাৰ লোৱা অসমীয়া ‘বুৰঞ্জী’ শব্দৰ মানে হেনো "নজনা কথাৰ ভঁড়াল”। বিলাতৰ কথাও আমাৰ পক্ষে নজনা কথাৰ ভঁড়াল। নজনা কথা নতুনকৈ শিকিলে যি আনন্দ পোৱা যায়, বিলাতৰ চিঠি’ পঢ়িও বিলাতলৈ নোযোৱাসকলে সেই আনন্দ পাব — ইয়াত কোনো সন্দেহ নাই। আৰু যিসকলৰ এতিয়াও বিলাতলৈ যাবৰ বয়স আৰু ধাউতি আছে, সেইসকলৰ ধাউতি যে আৰু বাঢ়িব, সেই বিষয়ে দুই মত হ’ব নোৱাৰে।

  জে.বৰা ডাঙৰীয়াৰ লিখাৰীতি অতি পোনপটীয়া আৰু নিখুঁত অসমীয়া। তাত কোনো আওপকীয়া বাক্য-বিন্যাস আৰু খাপ নোখোৱা বাৰে বঙলুৱা শব্দৰ সমাবেশ নাই। অতি কম বয়সতেই বিলাতলৈ গৈ তাত বহুত বছৰ থাকি আৰু তাৰপৰা উভতি আহিও বৈবাহিক সূত্ৰত বিশিষ্ট বঙালী পৰিয়ালৰ লগত ঘনিষ্ঠভাৱে সংশ্লিষ্ট থাকিও জে. বৰুৱা ডাঙৰীয়াই গদ্য ৰচনাত যি নিভাঁজ অসমীয়া পদ্ধতিৰ অৱতাৰণা কৰিছে, সিশলাগিব লগীয়া। ইয়াৰপৰা তেওঁৰ অসমীয়া ভাষা আৰু সাহিত্যৰ লগত কিমান হৃদয়ৰ সংযোগ আছে, তাৰ চিনাকি পোৱা যায়।

  অসমীয়া ভাষা আৰু সাহিত্য চৰ্চাত বৰুৱা ডাঙৰীয়াৰ বংশগত অধিকাৰৰ আছে। তেওঁৰ পিতৃদেৱতা স্বৰ্গীয় গুণাভিৰাম বৰুৱাৰ ওচৰত অসমীয়া জাতি ভালেমান ঋণী। ৰায় বাহাদুৰ স্বৰ্গীয় গুণাভিৰাম বৰুৱাৰ অন্যান্য দানৰ বাহিৰেও ৰচিত ‘আসাম বুৰঞ্জী’ আৰু তেওঁৰ সম্পাদিত ‘আসামবন্ধু’ কাকতে অসমীয়া সাহিত্যৰ ইতিহাসত অতি ওখ ঠাই লাভ কৰি আছে। স্বৰ্গীয় জ্ঞানদাভিৰাম বৰুৱা কেৱল সাহিত্যিকেই নাছিল। সেই যুগত তেখেত অসমীয়া সমাজ আৰু সাহিত্য-ক্ষেত্ৰত এজন আদৰ্শ পুৰুষ বুলি বিবেচিত হৈছিল। সেই দিনত তেখেতৰ আৰ্হিয়ে সমসাময়িক লেখকসকলক প্ৰেৰণা দিছিল আৰু তেখেতক কেন্দ্ৰ কৰি এটি সাহিত্যিক দলৰ সৃষ্টি হৈছিল।

  ‘বিলাতৰ চিঠি আৰু কথাই জে. বৰুৱা ডাঙৰীয়াৰ অসমীয়া সাহিত্যৰ প্ৰতি কেৱল দান নহয়। তেওঁ ইংৰাজীৰপৰা ভাঙি অসমীয়াক ‘ভেনিচৰ সাওদ’ (Marchant of VǏnice), ‘দদাইৰ পঁজা’ (Uncle Tom's Cabin) কৰিছে। তেওঁ 'Folk tales of Assam' বুলি অসমীয়া সাধুকথা কিছুমান ইংৰাজীলৈ অনুবাদ কৰি অসমীয়া ৰীতি-নীতিৰ বিষয়ে বিদেশী মানুহক জানিবলৈ সুবিধা দিছে।