পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
বিলাতৰ চিঠি

পোৰ্ট চৈয়দ মিচৰ দেশত। এই পোৰ্ট চৈয়দ আজি-কালি আৰু তেতিয়াও পৃথিৱীৰ মানুহৰ অহা-যোৱাৰ বাট। ইয়াত সকলো জাহাজে কয়লা লয়। ই বৰ ডাঙৰ কোলিং বন্দৰ (Coaling Port)। ইয়াৰ মানুহবোৰে আমাৰ দেশী হোকাৰ দৰে হোকাত ধপাত হোপে।

 প্ৰথমবাৰ পোৰ্ট চৈয়দত নমা নাছিলোঁ যদিও, তাৰ পাছত বহুতবাৰ নামিছিলোঁ। আজি-কালি ইয়াত ভাৰতবৰ্ষীয় সাউদ, দোকানী বহুতো আছে। আমাৰ ভাৰতবৰ্ষীয়ই এনে কাৰবাৰ কৰা দেখিলে মন ভাল লাগে। ইয়াত সাউদবোৰৰ বেছিভাগেই হায়দ্ৰাবাদ- সিন্ধৰ মানহ। সিদিনা আহোঁতে বহুতো ভাৰতবৰ্ষীয় দোকানী দেখিলোঁ।

 ইয়াতো জাহাজলৈ আন বন্দৰৰ দৰে মানুহে বস্তু বেচিবলৈ আহে; ইয়াৰ চিগাৰেট ভাল। বহুতভাগ তুৰ্কী, ইজিপ্‌চিয়ান চিগাৰেট ইয়াত হয় আৰু সস্তাও। জাহাজলৈ বাজীকৰ, জ্যোতিষীহঁতো (fortune teller) আহে৷ ইংৰাজ, য়ুৰোপীয়সকলে হাত দেখুৱাই ভবিষ্যতৰ কথা শুনিবলৈ ভাল পায়। আমাৰ ভাৰতবৰ্ষৰপৰা বছৰে বছৰে এনে fortune teller যায়, আৰু টকা কড়ি লৈ দেশলৈ উভতি আহে। ভাৰতবৰ্ষীয়ৰ এনে উদ্যম, উৎসাহ, ব্যৱসায়বুদ্ধি দেখি বৰ ভাল পাওঁ। পি. এণ্ড ও.ৰ ‘মাৰমৰা’ জাহাজত ১৯০৮ চনত এবাৰ বিলাতলৈ যাওঁতে আমাৰ সহযাত্ৰী অসমীয়া সাউদ শ্ৰীযুত ভোলানাথ বৰুৱা তেওঁৰ ভতিজাক শ্ৰীযুত ভাৰতচন্দ্ৰ বৰুৱা আৰু আমাৰ এজন পাঞ্জাৱ দেশৰ ডেকাই fortune teller ৰ তীক্ষ্ণ বুদ্ধি-বিদ্যাৰ পৰিচয় পাই আনন্দ পোৱা মনত আছে। প্ৰথমবাৰ যাওঁতে পোৰ্ট চৈয়দত ইমান, ইমান কিয় এটাও ভাৰতবৰ্ষীয় দেখা নাছিলোঁ। সময়ত আমাৰ ভাৰতবৰ্ষীয়ই গোটেই পৃথিৱীত বাণিজ্যাদি কৰিব। আশা কৰোঁ আমাৰ অসমীয়ায়ো এইদৰে দেশে-বিদেশে ঘূৰি বাণিজ্য-ব্যৱসায় কৰি আমাৰ মৰমৰ জন্মভূমি অসমৰ (তাৰ লগে লগে ভাৰতবৰ্ষৰ) উন্নতি সাধন কৰে যেন।

 পোৰ্ট চৈয়দ এৰিলেই য়ুৰোপত সোমোৱা যায়। মেডিটেৰিনিয়েন (ভূমধ্য সাগৰ) এই বন্দৰ এৰিয়েই পায়; অৰ্থাৎ ভূমধ্যসাগৰ আৰু লোহিতসাগৰ এক কৰি বাণিজ্যৰ সুচল কৰাই চুয়েজখালৰ কাৰ্য্য। সেই কাৰ্য্য অতি সুচাৰুৰূপে হ’ব লাগিছে।

 পোৰ্ট চৈয়দ এৰি আমাৰ ডনেৰা জাহাজ নেপোল্‌চ (Naples)ত ৰ'লগৈ। পোৰ্ট চৈয়দৰপৰা গৈ নেপোল্‌চ যাত্ৰাৰ বিষয়ে অহাবাৰলৈ ক'বলৈ আশা কৰিলোঁ।

 ইমানদিনৰ পাছত আপোনালৈ আকৌ চিঠি লেখিলোঁ। সম্পাদক ডাঙৰীয়া, আশা কৰোঁ নিজ গুণে ক্ষমা কৰিব। ত্ৰুটীৰ বাবে দায়-দোষ নধৰিব।


(১০)

 গ’লবাৰ পোৰ্ট চৈয়দ এৰাৰ কথা লেখিছিলোঁ। পোৰ্ট চৈয়দ এৰি আমাৰ জাহাজ