পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
বিলাতৰ চিঠি

আৰু আমি এই দুজনহে। দুবাৰ-এবাৰ আমি যি হুপিছিলোঁ তাকে দেখিহে এওঁ আহি আমাক এই প্ৰশ্নটো কৰিছে। আমাৰ ভয় হ’ল - পাদুৰী মানুহ, হয়তোবা আমাক সেইবাবে তেওঁ শাসনকে কৰে। আমি ক'লে “No”। তেতিয়াই তেওঁ কলে, “মোৰ কিছুমান চোকা ধঁপাতৰ চেলেউ আছে, মই নিজে সিমান চোকা খাব নোখোজোঁ, আপোনাসকলে তাৰে কেইটামান হুপিব বুলি ভাবিছিলোঁ।” তেওঁ ক'ত খং কৰিব, আমাক চুৰটহে দিয়ে। আমি এই কথা লৈ তেতিয়া কিমান হাঁহিছিলোঁ, এতিয়াও আমাৰ সেই কথা মনত পৰিলেই হাঁহি উঠে। আৰু এক পৰিয়াল মৰিচিয়চৰ পৰা কলম্বোলৈ আন জাহাজেৰে আহি আমাৰ জাহাজত উঠিল। ইহঁতৰ পৰিয়াল - মাক-বাপেক, দুটি ছোৱালী আৰু এটি ল’ৰা। ইহঁতে নিজৰ ভিতৰতে মিঠা ফৰাচী ভাষা কৈছিল।

  আৰু বহুতো আছিল। তাৰে ভিতৰত বহুতক আমি নামাকৰণ কৰিছিলোঁ। আমাৰ নামহে মনত আছে। “একবস্ত্ৰ” - এই মানুহজনক এই নাম দিছিলোঁ; কিয়নো, তেওঁ জাহাজত উঠাৰপৰা নমালৈকে একেটা চুটকে পিন্ধিছিল। আৰু এটা নাম মনত পৰিছে ‘মেজেকা'। এওঁ বেছ ভাল কাপোৰ পিন্ধা Sociable ইংৰাজ। ইংলণ্ডত কোনো ভাৰতবৰ্ষীয়ক চিনি পাইছিল; তেওঁৰ নাম বোধকৰোঁ মিৰ্জ্জা খাঁ আছিল। তেওঁ মিৰ্জ্জা খাঁ উচ্চাৰণ কৰিব নোৱৰাত 'মেজেকা’ কৈছিল৷ তেওঁক তৎক্ষণাত আমি সেই নামাকৰণ কৰিলোঁ।

  এডেন এৰিয়ে ভালকৈ Red Sea ত সোমালোঁ। Red Sea আন সমুদ্ৰতকৈ ঠেক, সেইদেখি এইসমুদ্ৰত যিমান জাহাজ চকুত পৰে, আন সমুদ্ৰত নপৰে। দীঘল সমুদ্ৰভ্ৰমণৰ ই এটি বৰ ডাঙৰ কথা। অনন্ত সমুদ্ৰ দেখি চকুৰ আমনি লাগি যায়, সেইদেখি আন এটা বস্তু দেখিলে বৰ ৰং লাগে। তৎক্ষণাৎ যাৰ দূৰবীণ আছে, সি চকুত লগায়। কোন লাইনৰ জাহাজ, তাক প্ৰায় জাহাজৰ চুঙা (Funnel) দেখিয়েই জানিব পাৰি; ওচৰহ'লে কি নাম, কলৈ যায় ইত্যাদি জানিবৰ নিমিত্তে যাত্ৰীসকলৰ ভিতৰত বৰ কোঢ়াল লাগি যায়।

  জাহাজখন সৰু-সুৰা পৃথিৱীৰ দৰে। তাত নানান ৰকমৰ যাত্ৰী যায়। তেওঁলোকে যাৰ যেনে স্বভাৱ, যি পদ-মৰ্য্যাদা, আৰ্থিক-সামাজিক অৱস্থা, ঠিক তেনে মানুহৰ সঙ্গ লয়। ইয়াত নানান শ্ৰেণীৰ মানুহ। মিলিটাৰী শ্ৰেণীয়ে আন শ্ৰেণীৰ সঙ্গ নলয়, তেওঁলোকে নিজকে বৰ উচ্চ বুলি ভাবি নিজৰ ভিতৰতে তাচ খেলে, মদ খায়, আমোদ-প্ৰমোদ কৰে। সাউদৰ শ্ৰেণীৰ মানুহে সাউদৰ শ্ৰেণীৰ লগত। ইত্যাদি। ইয়াত ইংৰাজীত যাক ‘Clique' “দল” কয়, তাক সুন্দৰৰূপে দেখা যায়।

  বৃটিছ জাতি আমোদপ্ৰিয়। যিখিনি সময় তেওঁলোক জাহাজত থাকে, সেইখিনি সময় কেনেকৈ আমোদ-প্ৰমোদ, ৰং-ধেমালি কৰি কটাব, সেই নিমিত্তেই তেওঁলোক চিন্তাকুল।