পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
বিলাতৰ চিঠি

য’তে-ত’তে। টকাৰে বহু কাম কৰিব পাৰি। বক্‌চিচ, বক্‌চিচ; টকা, টকা; এইহে কেৱল শুনো, হোটেলেই হওক কি জাহাজেই হওক; দেশেই হওক বিদেশেই হওক।

  কলম্বো এৰি আমি এডেন পালোঁ। এডেনত এইবাৰ পাৰলৈ যোৱা নাছিলোঁ। তাত চাবলগীয়া বেছি নাই। এটা মিঠা পানীৰ পাটনাদ আছে, সেইটো চাবলগীয়া। আৰব দেশত পানীৰ বৰ কষ্ট। এই এডেনৰ ওচৰত পৰ্ব্বত। পৰ্বতৰ ওপৰত চহৰ। ইয়ালৈকে আমাৰ ভাৰতবৰ্ষীয় টকা পইচা চলে, তাৰ সিফালে ইংৰাজী টকা। এই এডেনত পইচাৰ নিমিত্তে পানীত জপিওৱা ল'ৰা তেতিয়া বহুতো। সিহঁতে আহি সেই কলম্বোৰ দৰে ইংৰাজী গান গাই কাষলতি-তল বজাই 'হেবেডাই’ ‘হেবেডাই’কৰে। ‘হেবেডাই’ ইংৰাজী Have a dive (হেভ এ ডাইভ)ৰ অপভ্ৰংশহে মাথোন, আৰবী ভাষা নহয়। আপুনি এটা আদমহীয়া সাগৰত পেলাওক, বহুতো ল'ৰাই একেলগে বুৰ মাৰিব, এটাই হাঁহি হাঁহি কৃতকাৰ্য হৈ দাঁতেৰে কামুৰি আদমহীয়াটো আপোনাক দেখুৱাব। আকৌ ‘হেবেডাই। এইটো সঁচাকৈয়ে চাবলগীয়া বস্তু। কোনো কোনো ল'ৰাই আকৌ জাহাজৰ ডেকৰ ওপৰৰ পৰা জপিয়ায়, আমি এইটো নিজে দেখিছোঁ। শুনিছো, কোনোৱে আকৌ জাহাজৰ ওপৰৰপৰা জপিয়াই জাহাজৰ তলেদি বুৰ মাৰি সিফালে গৈ ওলায়।


(৮)

  Red sea ত সোমালেই মানুহে পাতল জহকলীয়া কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰে। Red sea বছৰৰ প্ৰায় সৰহ সময়তেই গৰম, আমাৰ ভাৰতবৰ্ষতকৈও গৰম; কিয়নো আৰব আৰু আফ্ৰিকা দেশৰ মৰুভূমিৰ মাজত এইখন সমুদ্ৰ। এডেনলৈকে আমাৰ দেশীয় মুদ্ৰা চলে আৰু এপইচীয়া পোষ্টকাৰ্ড, দুপইচীয়া টিকটেৰে চিঠি আমাৰ দেশৰপৰা তালৈ আৰু তাৰপৰা আমাৰ দেশলৈ দিব পাৰি। স্বিলোনত আমাৰ টকাই চলে; কিন্তু আমাৰ দেশৰ দৰে পইচা নকয়, তাত ‘চেণ্ট’ (Cent) কয়। এশ চেণ্টেহে এক ডলাৰ হয়, এক ডলাৰ (Dollar) ৪ চিলিং ২ পেন্স অৰ্থাৎ প্ৰায় তিনি টকা।

  আমাৰ এডেন এৰাও যি, কলম্বো এৰাও সি। বিলাত বুলি ওলাইছোঁ যেতিয়া আমি বিলাতৰ কথাহে সৰহকৈ পাতিছিলোঁ।সন্ধ্যাবেলিকা প্ৰায়ে আমাৰ গানৰ মজলিচ্‌ বহিছিল, অৱশ্যে ডেকৰ এচুকত আন মানুহে শুনিব নোৱাৰাকৈ। ক'ব নেলাগে যে আটাইবোৰ গানেই বঙ্গলাত গোৱা হৈছিল। এই গানৰ ৰসৰ ভালকৈ সোৱাদ পাবৰ নিমিত্তে আমি আমাৰ দেশৰ কথা আৰু আমাৰ আটাইৰে ভৱিষ্যতৰ কথা কৈ সময় কটাইছিলোঁ। কি উদ্যম, কি উৎসাহ, কি প্ৰফুল্লতা!

  এতিয়া তাৰ আধা থকা হলেও নিজকে সুখী বুলি ভাবিলোঁহেঁতেন। আমি দ্বিতীয় শ্ৰেণীৰ কেবিনত গৈছিলোঁ। তেতিয়া এই কোম্পানীৰ জাহাজৰ কলিকতাৰপৰা লণ্ডনলৈ