পৃষ্ঠা:বিলাতৰ চিঠি.pdf/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
বিলাতৰ চিঠি

আনিবলৈ যাক গৈছিলোঁ, তেৱেই। তেওঁক চিকুণ হোৱা দেখিলোঁ, বগা হোৱা দেখিলোঁ আৰু যেন গালৰপৰা তেজ ফাটি ওলাওঁ ফাটি ওলাওঁ কৰিছে। কি পৰিবৰ্ত্তন! আজি সেই পৰিবৰ্ত্তন দেখি আনন্দ প্ৰকাশ কৰি তেওঁৰ কমৰ্দন কৰিলোঁ। আমি ক’বলৈ পাহৰিছোঁ, তেওঁ নিৰামহীয়া, তেওঁ মাছ-মঙহ নেখাইছিল। বিলাতত নিয়মমতে থাকিলে দুৰ্বল শৰীৰ সবল হয়; তাৰ ‘হাৱাপানী’ ভাল। আৰু এটি কথা, বিলাতত মাছ মঙহ নেখায়ো থাকিব পাৰি; বিনাকষ্টে থাকিব পাৰি। তাত আমি বহুতো ভাৰতবৰ্ষীয় মানুহক নিৰামহীয়া খাই সবল-সুস্থ শৰীৰে সানন্দে জীয়াই থকা দেখিছোঁ। আজিকালি বিলাতী মানুহৰ বহুতক নিৰামহীয়া খোৱা দেখিছোঁ, এই বিষয়ে পাছত উল্লেখ কৰিম। মাছ-মঙহ নেখাই যেতিয়া থাকিব পাৰি, তেতিয়া বোধকৰোঁ ক'ব নোলাগে যে ধঁপাত কি ফটিকা নেখায়ো তাত মানুহ থাকিব পাৰি। কোনো কোনো মানুহৰ বিশ্বাস, বিলাতলৈ গ'লেই ফটিকা আৰু ধপাত খাব লাগে। এই বিশ্বাস অতি ভুল। এই বিষয়ে পাছত লেখিবৰ মন কৰিছোঁ — এতিয়া কেৱলমাত্ৰ ইয়াকে কৈ থওঁ যে মদ-চেলেউ খাবৰ সকাম তাত একো নাই। আজিকালি বহুতো বিলাতী মানুহে নিৰামিষ খাবলৈ আৰম্ভ কৰিছে। লণ্ডনত “ভেজিটেৰিয়ান ৰেষ্ট-ৰঁ” আছে। তাত নানা ৰকমৰ নিৰামহীয়া বস্তু পোৱা যায়। কোনো কোনোৱে আকৌ তাত কণীকো (eggs) নিৰামহীয়া খাদ্যৰ ভিতৰত ধৰে। কোনো কোনোৱে অৱশ্যে আমাৰ দৰে নিৰামহীয়া খায়। খাদ্য ৰান্ধিবৰ প্ৰণালী অৱশ্যে বেলেগ। লাহে লাহে বিলাতী মানুহে মাছ-মঙহ এৰিবলৈ আৰম্ভ কৰিছে। এই বিষয়ত মাৰ্কিন- দেশীয় মানুহ ইংলণ্ডীয় মানুহতকৈ বেছি আগবঢ়া আমি দেখিছোঁ। য়ুৰোপৰ ঠায়ে ঠায়ে নিৰামহীয়া খোৱা মানুহ আজিকালি দেখিবলৈ পোৱা যায়। সেইদেখি, ভাৰতবৰ্ষীয় হিন্দু! বিলাতলৈ যাবলৈ খোৱা-বোৱাৰ নিমিত্তে ভয়নকৰিবা। ইয়াত যি খাবলৈ পোৱা যায়, তাতে তাক পাবা, অৱশ্যে তোমাৰ নিজৰ ঘৰৰ মানুহে যেনেকৈ ৰান্ধিব, তেনেকৈ ৰন্ধা বোধকৰোঁ নোপোৱা; কিন্তু ভয় নেখাবা। আমি বিলাতত মাহৰ আঞ্জা, ভাত, আন আন দেশী আঞ্জা, খিচিৰি, মোহনভোগ, ৰসগোল্লা ইত্যাদি খাইছোঁ; এনেকি টেঙাৰ আঞ্জাও খাইছোঁ, পোলাও-কালিয়াতো খাইছোঁৱেই, জলকীয়াও খাইছোঁ। ভালকৈ চলিব জানিলে নিজৰ খোৱা-বোৱাৰ বন্দৱস্ত নিজৰ হাতত থাকিলে ঠিক দেশৰ দৰে থকা যায়। আমি হ'লে আমাৰ মানুহক যি দুই-তিনি বছৰ তাত থাকিব লাগে, ঠিক ইংলণ্ডীয় নেটিভৰ দৰে থাকিবলৈ উপদেশ দিম। “In Rome, do as the Romans do” অৰ্থাৎ ৰোম দেশত ৰোমৰ মানুহৰ দৰে চলিবা। এই নিয়ম বৰ ভাল। যি দেশৰ যি ৰীতি, সেই দেশৰ সেই ৰীতিৰে চলা উচিত।

  ইয়াৰপৰা বিলাতলৈ বহু বাট। আমি যেতিয়া ১৮৯৫ চনৰ ৩ ছেপ্টেম্বৰ তাৰিখে কলিকতা এৰোঁ, তেতিয়া আমি হাইকোৰ্টৰ ওচৰৰ তিন নম্বৰ জেটিৰপৰা জাহাজত