পৃষ্ঠা:বিলাতৰ চিঠি.pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
বিলাতৰ চিঠি

স্বাস্থ্যই প্ৰধান। ঘৰ তৈয়াৰ কৰিবলৈ যেনেকৈ ভেটিটো শকত কৰিব লাগে, তেনেকৈ আমাৰ স্বাস্থ্যটোকে আমাৰ উন্নতিৰ ভেটি কৰিব লাগে। স্বাস্থ্যহীন মানুহৰ যে উন্নতি নহয়, তাক আমি নকওঁ, — উন্নতি হয়, কিন্তু স্বাস্থ্যৰ ক্ষতি কৰি। তেনে উন্নতি সিমান লাভৰ নহয়। স্বাস্থ্য বেয়া হলে তাৰ উন্নতিৰ নিমিত্তে আমাৰ যত্নবান হোৱা উচিত। বিলাতলৈ কোন বাটেদি যোৱা ভাল, কোন কোম্পানীৰ জাহাজেৰে, কি কাপোৰ-কানি লৈ যোৱা উচিত, কিমান টকা-কড়ি লগত লৈ যোৱা দৰ্কাৰ ইত্যাদি বাতৰি আমি পাছত দিম। তেনেবোৰ বাতৰিহে আমাক বহুতে সোধে। আমি আকৌ কওঁ টকা-কড়িৰ ভাল বন্দৱস্ত কৰিহে বিলাতলৈ যোৱা উচিত। টকা পৰম বন্ধু। যাৰ টকা আছে তাৰ অনেক বন্ধু; টকা ঢুকাই গ'লে বন্ধু পোৱা টান। টকা বিলাতত অতি সাৱধানে খৰচ কৰা উচিত। বিদেশত টকাহীন অৱস্থা বৰ শোচনীয়। ল’ৰাৰ বাপেক-মাক, অভিভাৱকসকলে ইয়াৰপৰা ল’ৰালৈ টকা নিয়মমতে পঠোৱা উচিত। বহুত ল’ৰাৰ অভিভাৱকসকলে টকা পঠোৱাত ‘গাফিলি’ কৰে, সেইদেখি ল’ৰাই ধাৰ কৰাৰ অভ্যাস কৰিবলৈ বাধ্য হয়। ডেকা বয়সৰপৰা ধাৰ কৰা অভ্যাস ভাল নহয়। এই বিষয়ে আমি আটায়ে জানা। শেক্সপীয়েৰে কৈছে, “Neither borrower nor a lender be”. সেই কথা তেওঁৰ সময়তহে সঁচা আছিল এনে নহয়, সকলো সময়তে সঁচা। পৃথিৱীত বন্ধুত্ব, হৃদয়ৰ মৰমৰ বন্ধুতা টকাৰ নিমিত্তে শত্ৰুতাত পৰিণত হয়। টকা নিয়মমতে পঠোৱাত অভিভাৱসকলৰ ‘গাফিলি’ৰ নিমিত্তে বহুত ল'ৰাই ধাৰৰ সহজ বাটেদি যাবলৈ ইচ্ছা কৰি বহুত ঠাইত ভৰি পিছলি হামখুৰি খোৱা দেখিছোঁ।

  ইংলণ্ডৰ দুটি প্ৰাচীন বিশ্ববিদ্যালয় — অক্সফোৰ্ড আৰু কেম্ব্ৰিজ জগৎ বিখ্যাত। আমাৰ ভাৰতীয় ল’ৰাৰ যি বিলাতলৈ যায়, টকাৰ অৱস্থা ভাল থাকিলে এই দুটি বিশ্ববিদ্যালয়ৰ ভিতৰৰ এটিলৈ তেওঁৰ যোৱা উচিত। বিশ্ববিদ্যালয় দুটি পুৰণি। বৃটেনৰ আন আন ঠাইতো বিশ্ববিদ্যালয় আছে — ডাৰহাম (Durham), এডিনবৰা (Edinburgh), গ্লাচগো (Glasgow), লণ্ডন (London) ইত্যাদি। আজিকালি মেনচেষ্টৰ (Manchestor), বামিংহাম (Birmingham) তো হৈছে। ৱেল্‌চ (Wales)তো এবাৰিষ্টউইথ (Aberystwith) বুলি ঠাইত বিশ্ববিদ্যালয় আছে। আয়াৰ্লণ্ডৰ ডাবলিন, বেলফাষ্ট (Belfast) তো বিশ্ববিদ্যালয় আছে। আমি যিবোৰ উল্লেখ কৰিছোঁ, সেইবোৰৰ বাহিৰেও আন ঠাইত বিশ্ববিদ্যালয় আছে। এইবোৰৰ ভিতৰত অক্সফোৰ্ড আৰু কেম্ব্ৰিজেই প্ৰধান। এডিবৰাত আমাৰ দেশী ল’ৰা প্ৰায়ে ডাক্তৰী পঢ়িবলৈ যায় — তাত শিল্প আৰু বিজ্ঞান (Arts, Science) বিষয়ে খুব সুন্দৰৰূপে পঢ়িব পাৰি। গ্লাচগোও পুৰণা, ইয়াতো ডাক্তৰী কলেজ আছে। আজিকালি গ্লাচগোত বহুতো ল’ৰাই এঞ্জিনীয়েৰিং পঢ়ে। স্বৰ্গীয় ডাক্তৰ গোলাপ বেজবৰুৱা গ্লাচগোত ডাক্তৰ হৈছিল। আৰু এজন অসমীয়াই গ্লাচগোত ডাক্তৰী