পৃষ্ঠা:বিলাতৰ চিঠি.pdf/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
বিলাতৰ চিঠি

কোনো ঠাইৰ ইংলণ্ডীয়সকলৰ ঘৰবোৰ, আমাৰ দেশী মানুহৰ ঘৰবোৰেৰে তুলনা কৰক। আৰু এটা কথা চাব, কোনো বেমাৰ-টেমাৰ হ’লে ইংৰাজসকলৰ সৰহ হয় নে আমাৰ হয়? কচাৰিৰপৰা আহি গিৰীহঁতে তেওঁৰ যদি ল’ৰা আছে, ল'ৰাক লৈ নিজৰ বাগিচাখন চাফ কৰিব নোৱাৰেনে? তেতিয়া হ'লে তেওঁৰো স্বাস্থ্যকৰ কাম হয়, আৰু ল'ৰাৰো শিক্ষা হয়। পেঞ্চন পোৱা বুঢ়া মানুহৰ পক্ষে বাগিচা সুন্দৰ কৰা কামতকৈ পুৱা-গধূলি আৰু আন ভাল কাম নাই। তেওঁলোকেও সৰহদিন পেঞ্চন ভোগ কৰিব পাৰিব, নিজৰ বাগিচাখনি সুন্দৰ কৰিব পাৰিব। আমি বিলাতৰ গাঁৱৰ বাটেদি ফুৰোঁতে কিমান বুঢ়াক যে এই স্বাস্থ্যকৰ কামত লাগি থকা দেখিছোঁ, তাৰ সংখ্যা নাই। কেৱল যে গাঁৱলীয়া বুঢ়াকহে দেখিছোঁ এনে নহয়, লণ্ডনীয় বুঢ়াকো দেখিছোঁ। ইমানবোৰ আমাৰ লেখিবৰ উদ্দেশ্য এইটো যে পৰিষ্কাৰ-পৰিচ্ছন্নতা, স্বাস্থ্যৰ পিনে চকু ৰাখিবলৈ যত্ন কৰা, নিজৰ ঘৰ সুন্দৰ কৰা, খোঁটালীবোৰত বতাহ আৰু পোহৰ যাতে আহি আমাৰ সৰু সৰু লৰা- ছোৱালীবোৰক সবল-সুস্থ কৰে, এইবিলাক বিষয়ৰ পিনে আমি দৃঢ়প্ৰতিজ্ঞ হৈ লগা উচিত। এই বিষয় লৈ আপোনাৰ পাঠক-পাঠিকাসকলক আৰু এতিয়া আমনি নকৰোঁ। অভিভাৱক আৰু শিক্ষকসকলক এই কথা কেৱল মাত্ৰ কওঁ যে সবল-সুস্থ মানুহৰ সবল ল’ৰা হয় আৰু দুৰ্ব্বল মানুহৰ দুৰ্ব্বল ল’ৰা হয়। যাতে ল'ৰা-ছোৱালীবোৰ সবল সুস্থ হয়, সেই বিষয়ে যদি তেওঁলোেক যত্নবান নহয়, তেনেহলে তেওঁলোক ভগৱানৰ ওচৰত দায়ী। ঘৰ-দুৱাৰ, ঘৰৰ হাউলি ইত্যাদি চাফ-চিকুণ কৰি ৰাখিলে স্বাস্থ্যৰ পক্ষে ভাল, দেখিবলৈকো ভাল। আৱৰ্জ্জনাপূৰ্ণ শাক আৰু বননিয়ে এটা সুন্দৰ ঘৰকো দেখিবলৈ কুৎসিৎ কৰে।

  আপোনাৰ কোনো কোনো পাঠক-পাঠিকাই ভাবিব হয়তো যে 'বিলাতৰ চিঠি'ত আমি ওপৰত কোৱা বিষয়বোৰক ঠাই দিয়া উচিত নাছিল। কিন্তু আমি কওঁ যে 'স্বাস্থ্য' সম্পৰ্কে যি কথাই হওক ‘বিলাতৰ চিঠি’ কি আন কোনো চিঠিতে কি প্ৰবন্ধতে ঠাই পাবই লাগে। স্বাস্থ্যবিনা পৃথিৱীত একো সুখ নাই। ভাৰতবৰ্ষৰ কোনো দেশত ধনী জমিদাৰ এজন আছিল, তেওঁৰ লাখে লাখে টকা, কিন্তু স্বাস্থ্যহীন। তেওঁ মাথোন মাগুৰ মাছৰ আঞ্জাৰেহে ভাত খাব পৰিছিল আৰু আমৰ সময়ত আম পেটত নসয় দেখি আগত আম চেপাই থৈ তাৰ গোন্ধ শুঙিছিল। এওঁ সুখী আছিলনে? টকাৰতো সীমা নাছিল — সুখ ক’ত? — আৰু মাৰ্কিন দেশৰ ‘মিলিওনিয়াৰ’ অৰ্থাৎ ক্ৰোৰপতিসকলো তথৈবচ। কেৱল টকাই সুখ দিব নোৱাৰে।

  আমাৰ ওচৰলৈ যদি কোনো অসমীয়া কি ভাৰতৰ আন দেশৰ ল’ৰা বিলাতলৈ। যোৱাৰ সম্বন্ধে আলচ কৰিবলৈ আহে, আমি তেওঁক প্ৰথমেই তেওঁৰ স্বাস্থ্য সম্বন্ধে সুধিম। তেওঁৰ স্বাস্থ্য কেনে? তেওঁ সবল সুস্থ নে? তেওঁ ব্যায়ামাদি কৰে নে? মানুহৰ