পৃষ্ঠা:বিলাতৰ চিঠি.pdf/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
বিলাতৰ চিঠি

লগে আমাৰ ল'ৰা-ছোৱালীবিলাকৰ শৰীৰৰ উন্নতিৰ পিনেও চোৱা উচিত। অভিভাৱক আৰু শিক্ষকসকলে ল’ৰাক পাঁচ ঘণ্টা স্কুলত পঢ়াই আৰু পুৱা-গধূলি বতাহ সোমাব নোৱাৰাকৈ খোঁটালীত কিতাপ আগত থোৱাই ৰাখিলেই তেওঁলোকে নিজক ধন্য ধন্য মানিলে। আমাক ঈশ্বৰে মানুহৰূপে সৃষ্টি কৰিছে, সেইদেখি আমি ভাবি-চিন্তি কাম কৰা উচিত। আমাৰ থকা ঠাইত, বিশেষতঃ আমাৰ সৰু সৰুল’ৰা-ছোৱালীহঁত যি খোটালীত থাকে কিম্বা লিখা-পঢ়া কৰে, বতাহ আৰু পোহৰ অহা-যোৱা কৰিব পাৰে, সেই বিষয়ে আমাৰ প্ৰাণপণে যত্ন কৰা উচিত। আমাৰ যিমানদূৰ মনত পৰে অসমত আমি অসমীয়াৰ ঘৰত ভালকৈ বতাহ খেলোৱা আৰু পোহৰ অহা ঘৰৰ খোঁটালী দেখা নাই বুলিলেই হয়। আৰু এটা কথা নকৈ নোৱাৰিলোঁ, কিয়নো এই বিষয়ত আমাৰ মানুহৰ উদাসীন — অসমীয়াৰ ঘৰৰ ওচৰত কচুশাক, ঢেকীয়াশাক আৰু আন আন অপ্ৰয়োজনীয় সৰুসুৰা গছ-গছনিৰে জঙ্ঘল হৈ থাকে। কচুশাক, ঢেকীয়াশাক যে অসুন্দৰ আৰু অদৰ্কাৰী বুলিছোঁ, তাক আপুনি নেভাবিব। ভালকৈ ৰন্ধা কচুশাক, ঢেকীয়াশাকৰ আঞ্জা কোন অসমীয়াৰ ভাল নেলাগে? কিন্তু কচুশাক, ঢেকীয়াশাকৰ ঠাই আন অপ্ৰয়োজনীয় শাকৰ লগত নহয়। আৰু সেইবোৰ শাকে অৰ্থা কচুশাক, ঢেকীয়াশাক আৰু আন শাকে জঙ্ঘল কৰাৰ কোনো প্ৰয়োজন নাই, ঘৰৰ চাৰিওপিনে পৰিষ্কাৰ হৈ থকা উচিত। এই বিষয়ত আমাৰ মানুহৰ ঘৰ আৰু দেশৰে য়ুৰোপীয় কি ফিৰিঙ্গিহঁতৰ ঘৰ চালেই হাতে হাতে প্ৰমাণ পোৱা যায়। আমাৰ মানুহে ক’ব, “আমাৰ আজৰিয়েই নহয়, আৰু চাকৰ ৰাখিবলৈ পইচা নাই, ক’ত আমাৰ হাউলি চিকুণাম, আমি দুখীয়া অসমীয়া মানুহ, আমাৰ এয়ে ভাল।” কিন্তু য়ুৰোপীয় কি ফিৰিঙ্গিয়ে সেই কথা নকয়— তেওঁলোকৰ চাকৰ ৰাখিবলৈ পইচা নহ'লে তেওঁলোকে নিজেই হাউলি চাফ-চিকুণ কৰিব, আৰু চাফ যে কৰিবই, তাক মন আৰু চকুৰ তৃপ্তিকৰ কৰিও তুলিব। ই কেৱল শিক্ষাৰ ‘গুণত’। আমি প্ৰায়ে এলেহুৱা হওঁ — সিহঁতৰ বেছিভাগ মানুহে এলাহ কি বস্তু তাক নেজানে আৰু জানিলেও এলাহ ত্যাগ কৰিবলৈ নানান উপায় অৱলম্বন কৰে। লণ্ডনৰ ঘৰবোৰত প্ৰায়ে যাক “কম্পাউণ্ড” কওঁ, সি নাই। অলপ-অচৰপ মাটি, ঘৰৰ আগতে হওক কি পিছতে হওক, কোনো কোনো ঘৰত আছে। সেই অলপ-অচৰপ মাটিতে তেওঁলোকে কেনে সুন্দৰ। ফুলৰ বাগিচা কৰি তোলে! তাত মালী ৰখা, বেছি চাকৰ-বাকৰ ৰখা বেছিভাগ মানুহৰ ভাগ্যত হৈ নুঠে; ঘৰৰ গিৰীহঁত নহ'লে ঘৰৰ ঘৈণী কি ল’ৰা-ছোৱালীহঁতেই এই কাম কৰে। সিহঁতে তাত একো লাজ নেপায়। আমাৰ দেশৰ মানুহে ক’ব, “মই অমুক ঘৰৰ ল’ৰা, মই বাগিচা চাফ কৰিম! — ইস! নক’বা আৰু তেনে কথা!” ঘৰৰ হাউলি, খোঁটালীবোৰ পাছফাল-আগফাল যিহতে মন আৰু চকুৰ তৃপ্তিকৰ হ’ব পাৰে সেই বিষয়ে আমাৰ য়ুৰোপীয়হঁতৰ পৰা বহুত শিকিবলগীয়া আছে। গুৱাহাটী কি নগাঁৱৰ কি আন