পৃষ্ঠা:বিলাতৰ চিঠি.pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
বিলাতৰ চিঠি

কোৱা অভ্যাস তাত সাত-আঠ দিন মানতে হৈ যায়। ৰেলত টিকত কিনোতে “Thank you”। আপুনিও “থেঙ্ক ইউ”, সিজনেও “থেঙ্ক ইউ”। কোনো এটা কাম কৰিলেই “থেঙ্ক ইউ”। প্ৰথমে ইয়াৰপৰা যোৱা মানুহৰ কাণত এই কথা বৰ বাজে। তাৰ কোনো মানুহে “থেঙ্ক ইউ”ৰ “থেং”ডোখৰ মুখৰপৰা নুলিয়ায়েই, “কিও”কৈয়ে সাৰে।

  তাৰ “ছোটলোক”ৰ মাত বুজা টান। এই মাত বুজাটো কালত সহজ হৈ যায়। সিহঁতৰ ভিতৰত এজনে এজনৰ লগত কথা কোৱা শুনিবলৈ বৰ 'মজা'। আধা কথা মুখৰ ভিতৰতে থাকে, তেও সিহঁতৰ বুজাত কোনো ব্যাঘাত নহয়। ন-কৈ প্ৰথমতে আপুনি বিলাতলৈ গ'লে ভাবিব ইহঁতে কি বেবেৰিবাং বকিছে। আমাৰ ইয়ালৈ Soldier, sailor যি শ্ৰেণীৰপৰা আহে, সেই শ্ৰেণীৰ মানুহৰ এনেকুৱা কথা। ভদ্ৰ মানুহৰ কথা বুজা তেনে টান নহয়। কোনোৱে ইমান লাহে লাহে আৰু স্পষ্টকৈ কয় যে বুজিবলৈ অলপো কষ্ট নহয়। তিৰুতা মানুহৰ কথা মুনিহতকৈ স্পষ্ট। ইংৰাজী শিকিবলৈ হ'লে তিৰুতা মানুহৰ সৈতে কথা কোৱা উচিত। সেইবুলি অশিক্ষিত তিৰুতাৰ লগত আমি কথা ক’বলৈ নকওঁ। আৰু এটা কথা এইখিনিতে কৈ থওঁ — Stage, Pulpit আৰু Bar এই তিনিটিৰ Style ইংৰাজী ভাষাৰ আদৰ্শ। সেইদেখি থিয়েটৰলৈ, গিৰ্জালৈ আৰু প্ৰধান বিচাৰালয়বোৰলৈ আমি আমাৰ দেশৰ ল'ৰাক যাবলৈ উপদেশ দিওঁ। এইবোৰ ঠাইলৈ গ'লে এজন মানুহ অলগদ্ধ হলেও কিছু নিশিকি নোৱাৰে। থিয়েটৰৰ বিষয়ে পিছত সময় পালে লেখিম।ইয়াকে এতিয়া কৈ থওঁ, আমাৰ থিয়েটৰ আৰু তাৰ থিয়েটৰ ভিতৰত বহুতো প্ৰভেদ।

  গ’লবাৰৰ (অৰ্থাৎ বহাগ মাহৰ) বাঁহীত ব্ৰাইটনৰ বিষয়ে ওলাইছিল। ব্ৰাইটনত চাবলগীয়া বস্তু বহু আছে। পীয়েৰলৈ পুৱা-গধূলি যাব লাগে, তাত বেণ্ড বাজে। কাপোৰ-কানিৰ আড়ম্বৰ তাত বহুত — অৱশ্যে যাৰ যাৰ পইচা আছে তাৰ তাৰ। যাৰ ৰূপবান নাই, তাৰ বেলেগ কথা। সমুদ্ৰতীৰৰ বাটৰ ওপৰত এডোখৰ ঘাঁহ থকা ঠাই (Lawn) আছে। সেই ঠাইডোখৰৰ নাম Brunswick Lawn. এই Lawn তে দেওবাৰে পুৱা গিৰ্জাৰ পাছত ১২ মান বজাত গোটেই পুৱাটোৱেই একৰকম চাবলৈ গ'লে কাপোৰ-কানিৰ ধুম চাবলগীয়া। সূৰ্য্যৰ তাপ ঢকা ছাতিৰ (sunshade) বৰণৰ কি ধুম! সেই সুন্দৰ কাপোৰ- কানি পিন্ধা সুন্দৰ মানুহৰ ওচৰত, মাজত খোজ কাঢ়ি সমুদ্ৰ তীৰৰ অ'জন (Ozone) খাই শৰীৰ আৰু মনক সুস্থ কৰা বৰ তৃপ্তিকৰ। সমুদ্ৰতীৰৰ ঠাইলৈ যোৱা মানে ফুৰা, কেৱল বাহিৰত থাকি শৰীৰক সবল কৰা আৰু মনক তৃপ্ত কৰা, কেৱল এই কাম। বহালৈ কেৱল খাবলৈহে যোৱা হয়। আপোনাৰ যদি ইচ্ছা হ’ল আপুনি ল্যাণ্ডোগাড়ী কেৰেয়া কৰি ফুৰিব পাৰে; আৰু ডাঙৰ ডাঙৰ গাড়ীতে বহু মানুহ যাব পৰা কৰি যাব পাৰি। এই মনত কৰক ৮/৯ মাইল এক চিলিং গাইপতি দি ঘূৰি আহিল। ওচৰত হয়তো