পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কলেজৰ দ্বিতীয় বার্ষিকৰ (এম.এ) শ্ৰেণীৰ ছাত্ৰ আছিল। তেওঁ দুটা চর্তত আলােচনী এখন সম্পাদনা আৰু প্ৰকাশ কৰিব বুলিলে- (১) অভাউসা, সভাৰ সভ্য মাত্রেই ‘জোনাকী'ৰ আলপৈচান ধৰিব লাগিব, আৰু(২) প্রত্যেকেই ‘জোনাকীলৈ একোটা প্রবন্ধ লিখিব লাগিব, কোনাে সভাই সেই নিয়ম ভঙ্গ কৰিলে পােন্ধৰ টকা জৰিমনা ভৰিব লাগিব। সভ্যসকলে সেই বন্দৱস্তমতে কাম কৰিবলৈ ইচ্ছা প্রকাশ কৰিলে। চন্দ্ৰকুমাৰ একাধাৰে সম্পাদক, কার্যাধ্যক্ষ আৰু স্বত্বাধিকাৰ হ'ল। ১৮১০ শকৰ মাঘ বিহুৰ আগে আগে (১৮৯৯ খ্রীঃ ৯ জানুৱাৰী, বেনােৰ মতে ১৩ জানুৱাৰী সমাজ, সাহিত্য, বিজ্ঞান, দার্শনিক বিষয়ক মাহেকীয়া আলােচনী জোনাকী' ১০ নং আর্মেনিয়ান ষ্ট্ৰীটৰ (কলিকতা) পৰা ওলায়। এই কাকতৰ মূলতে ঘাই তিনি চন্দ্ৰকুমাৰ আগৰৱালা, লীনাপ্ত বেজবৰুৱা আৰু হেমচন্দ্র গােস্বামী। "চন্দ্ৰকুমাৰ হৰিবিলাস আগৰৱালাৰ মাজু পুতেক। সেইদেখি তেওঁলােকৰ ঘৰৰ সকলােৱে তেওঁক ‘মাজিউ' বুলি মাতে। ময়ো সেই মাতকে ললোঁ।.. মই আহৰি পালেই ১০ নম্বৰ আৰ্ম্মেনিয়ান ষ্ট্রীটলৈ তিক্ তিক্ কৰে লৰ ধৰোঁ, আৰু তেওঁ আহৰি পালেই মই থকা ঠাইত ওলায়হি। ... মজিউৰ ঘৰত সাহিত্য-চর্চা, পেটত নানা বিধ সাহিত্য-চৰ্চা আৰু মই থকা ঠাইত অকল শুকান সাহিত্য-চর্চা চলিছিল, এই মাখােন প্রভেদ। কিছুদিনৰ পিছত বন্ধুবৰ পণ্ডিত হেমচন্দ্র গােস্বামীও আমাৰ ভিতৰত সােমাল, আৰু আমি নিৰহ-নিপানীকৈ ‘ত্রিনিটি’ হলোহক। অর্থাৎ একেই তিনি, তিনিয়েই এক।” (ল, বে.-মাে, জী, সোঁ)।

 ‘জোনাকী’ৰ প্ৰথম ভাগ প্রথম সংখ্যাত সম্পাদকে কয়, “সাহিত্য, বিজ্ঞান, সমাজ ইত্যাদি আমাৰ আলােচনাৰ বিষয়। এইবিলাক সাধ্যমতে বুজিবলৈ ও প্ৰকাশ কৰিবৰ যত্ন কমি।.. নকৈ উঠি অহা অসমৰ নিমিত্তে আমাৰ আটাই শক্তি ব্যয় কৰিম। এই পাছ পৰি থকা আত্মাৰ দেশলৈ অলপ জোনাক সুমুৱাব নােৱাৰিলেও, যদি নিজে নিজেও যত্নৰ ফিৰিঙ্গতিৰ পােহৰত বাট পাওঁ, তেন্তে আমাৰ শক্তি মিছা ব্যয় হােৱা নাই বুলি ভাবিম। .. আমি খুঁজিবলৈ ওলাইছাে ‘আন্ধাৰৰ' বিপক্ষে-উদ্দেশ্য দেশৰ উন্নতি, ‘জোনাক'।. তুঁ‌হৰ জুইৰ দৰে অসমীয়াৰ 'তেজ' আৰু উৎসাহ এতিয়া ভাগৰি জাপৰ তলত লুকাই আছে- - এবাৰ ভমকাই উঠিবই উঠিব।” (পৃঃ ২-৩)। সম্পাদকৰ 'দেশৰ উন্নতি', ‘জোনাক’ আৰু “ভমকাই উঠিবই উঠিব” এনে উক্তিয়ে কলিকতাৰ শৰাইঘীমা দল ভাষাপ্ৰেম তথা দেশপ্রেমৰ নিদর্শন। তেওঁলােকে ‘জোনাকী'ক আৱৰি ধৰিলে।সেইসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা আছিল উজ্জ্বল নক্ষত্র।তেওঁ ধেমেলীয়া নাটক, কৃপাবৰী প্রবন্ধ, উপন্যাস, গল্প আদিৰে জোনাকীক সমৃদ্ধ কৰিছিল। 'জোনাকী'ৰ দ্বিতীয় ভাগ তৃতীয় সংখ্যাতেই টেটকুটীয়া কৃপাবৰ

(ছ)