পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় বছৰ জেঠ। বাঁহী। ১৮৩৩ শক। [৭ম সংখ্যা। প্ৰেম। ব্ৰহ্মাণ্ড সত্ত্ব যিটো পৰিছে নিজৰি, গিৰি ৰন গছ লতা সচেতন কৰি; অমৃত হাঁহিৰ ৰং ফুলত ফুলায়; যি শকতি প্ৰভাৱত মন্দাকিনী যায়; অণু পৰমাণু মিলে আকৰ্ষি অস্তুৰ; পৃথক আতমা মিলি হয় একেশ্বৰ; ব্যৱধান ক্ষয় হয়, ওচৰে আঁতৰ; অব্যক্ত বেকত হয়; গুচে আত্ম-পৰ; সৰ্বাঙ্গে সৰ্বাঙ্গ শয়, জীবনে জীবন; আনন্দ আনন্দে মহান শুন; সংজ্ঞাৰ অতীত শক্তি বিশ্বব্যাপী কায়, কণিকা সম্ভোগে যাৰ দেৱ মিলায়; মৰু বুৰে, শিল পমে, বিন্দুৰ পৰশে, প্ৰেম আখ্যা মহাশক্তি জগৎ প্ৰকাশে। | লক্ষীনাথ বেজবৰুৱা।