পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ঐতিহাসিক মূল্য অক্ষুণ্ণ ৰাখিবৰ বাবে আধুনিক অক্ষৰ বিন্যাস নকৰি ফিল্ম যুগুত কৰি প্ৰকাশ কৰিবলৈ লোৱা হ'ল। বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা বাহী সংগ্ৰহ কাৰ্যত ডিব্ৰুগড়ৰ শ্ৰীকল্যাণ বৰুৱা, শিৱসাগৰ শ্ৰীপ্ৰফুল্ল বেজবৰুৱা, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ ড° জিতেন দাস, গুৱাহাটীৰ শ্ৰীসূৰ্য হাজৰিকা- - এইসকলে সহায় কৰিছে, সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়াই বাঁহীৰ সংগ্ৰহ কাৰ্যৰ লগতে বিভিন্ন উৎসৰ সন্ধান দিয়াৰ উপৰিও দিহা-পৰামৰ্শ দিছে। এই সকলোলৈকে সভাৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

 বাঁহীত সেই সময়ত ব্যবহৃত ডোম, হাড়ী, মিৰি, মিকিৰ আদি শব্দ আজিকালি অ-চলিত, সংকলনটিৰ ঐতিহাসিক মূল্য ৰক্ষা কৰিবৰ কাৰণেহে শব্দসমূহ হুবহু ৰখা হ'ল, কোনো ব্যক্তি বা গোষ্ঠী বিশেষক আঘাত কৰিবৰ কাৰণে নহয়।

 অসম সাহিত্য সভাৰ মাননীয় সভাপতি শ্ৰীচন্দ্ৰপ্ৰসাদ শইকীয়া ডাঙৰীয়াৰ ঐকান্তিক আগ্ৰহ, সদিচ্ছা আৰু প্ৰচেষ্টাৰ বলতহে বাঁহীৰ প্ৰকাশ সম্ভৱ হ’ল। ইয়াৰ বাবে শ্ৰদ্ধেয় শ্ৰীশইকীয়া ডাঙৰীয়া শলাগৰ পাত্ৰ হৈ ৰ’ব। তৎসত্ত্বেও বাঁহীৰ প্ৰকাশ সম্ভৱ হৈ নুঠিলহেঁতেন যদি অসম সাহিত্য সভাৰ প্ৰকল্প আহ্বায়ক শ্ৰীসুৰেশ গাড়োদিয়াই অৰ্থ সংগ্ৰহ কাৰ্যত সহায় কৰি নিদিলেহেঁতেন। এই ছেগতে শ্ৰীগাড়োদিয়াৰ শলাগ ললোঁ। ছপাশালৰ আগগুৰি ধৰি সভাৰ সহকাৰী সম্পাদক ডঃ এন, গোবিন্দ সিংহ, শ্ৰীজয়ন্ত তালুকদাৰে সহায় কৰি সভাক কৃতজ্ঞতাৰ পাশত আৱদ্ধ কৰিলে। বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ কৰ্মচাৰী শ্ৰীফুকন চন্দ্ৰ কলিতাই মূল বাঁহী ছপাশাললৈ অনা-নিয়াৰ দায়িত্ব লৈ সহযোগ আগবঢ়াই ধন্যবাদ পত্ৰ হ’ল। চানলিঠু গ্ৰাফিকচৰ স্বত্বাধিকাৰী শ্ৰীৰমেন্দ্ৰনাৰায়ণ দত্তবৰুৱাই নিষ্ঠাৰে গ্ৰন্থখন ছপা কৰি দি আমাক অনুগৃহীত কৰিলে। বেজবৰুৱাইি বাঁহীত ব্যৱহাৰ কৰা বেটুপাতৰ আৰ্হিৰেই শিল্পী শ্ৰীবেণু মিশ্ৰই বাকলি পৃষ্ঠা সজাই দিছে। শ্ৰীমিশ্ৰৰৰ শলাগ ললোঁ।

 দুৰ্লভ হৈ পৰা বাঁহী কোনো ব্যক্তি বা অনুষ্ঠানৰ হাতত যদি আছে সভাৰ প্ৰধান সম্পাদকৰ লগত যোগাযোগ কৰিবৰ বাবে বিনীতভাৱে অনুৰোধ জনালোঁ যাতে পৰৱৰ্তী খণ্ডসমূহ পোনপটীয়াকৈ ফিল্ম কৰি ছপাব পৰা হয়।  আশাকৰো সংকলখনি ৰাইজে আদৰি ল'ব।

জানুৱাৰী, ২০০১
বসন্তকুমাৰ গোস্বামী চন্দ্ৰকান্ত সন্দিকৈ ভৱন
প্ৰধান সম্পাদক যোৰহাট= ৭৮৫ ০০১
অসম সাহিত্য সভা

(ঘ)