পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আবোণ, ১৮৩২)। গুৰু চৰিত্ৰ। বঢ়াৰ পো, আমাৰটীত আশ্ৰয় কৰি তোমাৰটা আহিব, সেই কাৰণে তুমি বৰ। তুমি গোবিন্দৰ ঘৰত জন্ম লবা, আমি কুসুমৰ ঘৰত জন্ম হয়। এই প্ৰকাৰে আলাপন কৰি স্বয়ং ভগৱান চাৰি পেচাৰিধামে অৱহাৰ কাৰণ হল। পুৰে শঙ্কৰ, পশ্চিমে কৃষ্ণ চৈতন্য, দক্ষিণে ৰামানন্দমী, উদ্যৰে হৰি ব্যাস। বঢ়াৰ পো, আগৰ অৱতাৰত শখ, চক্ৰ, গদ্য, পদ্ম লৈ যোৱা বাবে জীৱ তাৰিব পৰা নহল, ইবাৰৰ অৱতাৰত গছৰ ছাল, গছৰ গুট, বাই জেনি, গোমূম লোৱা হৈছে। এই সম্বলে যদি জীৱ তাৰণ হয় তেন্তে বৰু আহাদৰ কথা। শঙ্কৰদেৱে কলে বঢ়াৰ পো, আন বাৰ গুৰু স্মাগ হয়, এই বাৰ দেৱ আগ হব। মাধৱদেৱে কলে বাপ, গুৰু আগ , দেৱ জাপ হব নোৱাৰে। এইদৰে শুৰু আৰু দেৱৰ আগ পিছৰ আলাপন কৰি এটা সাধু-কথাৰে মীমাংসা হৈছে। এজন বুঢ়া এজনী বুঢ়ী লোকশূন্য অৰণ্যত বাস কৰিছি, এটা লৰ জন্ম পালে, বুঢ়াই বুঢ়ীক "বুঢ়ী” বুলি সম্বোধন কৰে, বুঢ়ীয়ে বুঢ়াক “বুঢ়া” বুলি সম্বোধন কৰে। লৰাটীয়েও সেইদৰে পিতা মাতাক বুঢ়া বুঢ়ী বুলি মাতিবলৈ মাত ললে, পিতা মাতা বুলি মাতিব লাগে এই কথা নাজানে, গতিকে বুঢ়া বুটী নিৰুপায় হৈ ইটোৱে সিটোক পিতা মাতা সম্বোধন কৰিব লগা হল। সেইদৰে আমি দুই জনেও, মই তোমাক তুমি যোক দেখুৱাবা। এই আলাপন কৰি শিষ্য গুৰু সম্বন্ধ লৈ ভূ-লোকে অৱতাৰ যুলহি।