পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮৪ বাহ। (১ম বছৰ, ষ্ঠ সংখ্যা কৰিছিল। এই সময়ত তেওঁ আকৌ বিদায় লৈ ফুৰোপলৈ যায় আৰু ফেঙ্গ ভাষা শিকিবলে সুচল পায়। যেতিয়া তেওঁৰ শৰীৰ আগৰ নিচিনা হল তেতিয়া ভাৰতলৈ তেওঁ উভতি আহিল আৰু ১৯১৩ চনত বঙ্গীয় সাহিত্য পৰিষৎ"স্থাপন কৰিলে। আজিকালি এই পৰিষৎ বঙ্গীয় ভাষাৰ ভেটি বুলিলেও চলে। এইবাৰ তেওঁ বৰ্ধমান বিভাগৰ কমিশ্যনৰ নিযুক্ত হল আৰু তেতিয়াৰেপৰা ১৯৯৭ চনলৈকে উৰিষ্যা প্ৰভৃতি বিভাগত সুখ্যাতিৰে সৈতে কাম কৰি তেওঁ চাৰী চাকৰিৰপৰা চিৰদিনৰ নিখিন্তে অৱসৰ ললে আৰু সাহিত্য সেৱাত আৰু ভাৰতৰ শাসন লাশীৰ উন্নতি বিধানত নিজক সপি দিলে। ইয়াৰ পিছত তেওঁ ইংলণ্ডলৈ পুনৰ যাত্ৰা কৰে আৰু ১৯০৪ চনলৈকে তাতে থাকে। এই সময়ৰ ভিতৰত তেওঁ কেৱল ১৮৯৯ চনত লক্ষৌৰ জাতীয় মহাসভাৰ (Congress) সভাপতি আসন গ্ৰহণ কৰিবলৈ আহে। সময়তে তেওঁ লগুন বিশ্ববিদ্যালৰ ইতিহাস অধ্যাপক নিযুক্ত হয়। এতিয়া ভাৰতৰ শাসন প্ৰণালী কিৰূপে ভাল হব তালৈ তেওঁৰ ধাউতি হল। এই বাবে তেওঁ পালিয়েমেন্ট মেম্বৰ শ্ৰীযুত দাদাভাই নৌৰঙ্গি, আৰু ঐযুত ডব্লিউ, ভি, বোনাৰ্জিৰ লগত গোটই ভাৰতৰ ভবিষ্যৎ অন্ধকাৰ দূৰ কৰিবলৈ প্ৰাণপণে লাগিল। আমি আগেয়ে কৈ আহিছে ৰমেশ চন্দ্ৰ সাহিত্যানুৰাগ ধৰ প্ৰৱল আছিল। তেওঁ এইবিলাক কামত নিযুক্ত পাকিও মহাভাৰত আৰু ৰামায়ণ ইংৰাজীত অনুবাদ কৰে। ভাবি ষোমুলাৰে তেওঁৰ এই কাম দেখি যথেষ্ট সন্তোষ প্ৰকাশ কৰিছিল। এই সময়ত তেওঁ ভাৰতত থাকি লকনৰ লগত ভাৰতৰ ৰজাক আৰু ভাৰতীয় প্ৰাক শাসন কাৰ্য্যত আংশিক অধিকাৰ দিয়া সম্বন্ধে বহুৎ আলোচনা কৰে। যদিও শুড় কৰ্জনে তেওঁৰ এইবিলাক উলাদেশৰ প্ৰতি আওকাণ কৰিছিল তথাপি কৰ্তব্যৰীৰ ৰমেশে তাতে ক্ষান্ত মহৈ এই বিষয়ে বিলাতত আন্দোলন কৰে। ইয়াৰ ফলস্বৰূপে ১৯০২ চনৰ আৰীয় ৰাজবিধান লৰ্ড কৰ্জনে অনুমোদন কৰে। কৃষিজীবী ভাৰতীয় প্ৰজা দিনে দিনে কেনেকৈ দুৰ্ভিক্ষ মহামাৰি প্ৰভৃতি কামৰ ফল মুখত পৰিব লাগিছে তাৰ আলচ কৰি তেওঁ বৃটিছ ভাৰতৰ