পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১) “বাঁহীৰ ডিঙিত প্ৰশংসাৰ জয়মালা আৰু পিঠিৰ ওপৰত ৰাম-টাঙোন সমান। সিদিনা এজনে বাঁহী এখন পুৰি তাৰ ছাইসোপা লেপো এটাৰ ভিতৰত সুমাই ইংৰাজী নিয়মেৰে লেফেপাটোৰ ওপৰত ক'লা দাগ দি আমালৈ পঠিয়াইছিল।” (বাহী, সম্পাদক চৰা, ৩য় বছৰ, ১ম সংখ্যা, ১৮৩৩ শক)। (২) “সিদিনা আমাক এজনে কৈছিল যে, ‘আজিকালি বহীখন ধৰ্ম্মৰ কাকত হ'ল, গতিকে সি অপাঠ্য হৈ পৰিছে। আমি ক'লোঁ, ধৰ্ম্মৰ কাকত অৰ্থাৎ ধৰ্মপ্ৰাণ কাকত বাহী হ’ব পৰা নাই। হৈছে যদি সেইবাবেহে সি অপাঠ্য হৈছে। বাঁহীক ধৰ্মপ্ৰাণ কৰিব পৰাহেঁতেন নিশ্চয় সি পাঠ্য হ'লহেঁতেন।” (বাহী, ৫ম বছৰ, ১ম সংখ্যা, ১৮৩৫ শক। | বাঁহীৰ বিভিন্ন সংখ্যাত লক্ষ্মীনাথ বেজবৰুৱাৰ পুথিসমূহৰ যি বিজ্ঞাপন ওলাইছিল তাৰ উদ্ধৃতি দিয়া হ'ল— ১) কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা- আপুনি এখন কিনি থওক। আপনি স্বৰ্গলৈ বাটকুৰি বাই যাওঁতে বাটত ৰূপৰ পাত আৰু সোণৰ গুটিৰে বৰগছবোৰৰ তলত বহি জিৰাওঁতে এই কিতাপৰ একো অধ্যা পঢ়ি গলে অচিনাকি স্বপ্ন চিনাকী হ'ব- থিৰাং কথা। | ১) (ক) কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা। কেচ | অনা। সদায় ন। সদায় ন। এই কিতাপ কেতিয়াও পুৰণি নহয়। ইংৰাজীত "Laugh & Grow" বুলি কয়। কাকতৰ টোপোলা তাৰ উপায়। চিঠি লেখি নিয়াওক। ২) কৃপাবৰ বৰাৰ ওভতনি। বেচ ১ টকা। আনন্দৰ আকৰ, হাঁহিৰ পুং, সন্তোষৰ সুখ। হহি, হাঁহি, হাঁহি, মাখোন হাঁহি। দুখ বেজাৰ মনত ৰ লগাবলৈ আৰু এনে লগৰীয়া নাই। ৩) বুঢ়ী আইৰ সাধু। বেচ ১। | অসমীয়া বুঢ়ী আইৰ মুখে অসমীয়া সাধু শুনা, কেনে সুখ লাগে চোৱা। শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱাৰ এইখন কিতাপ তোমাৰ সৰুতে ঢুকুৱা বুঢ়ী আইক আগতে আনি দিবা। ৪) ককাদেউতা আৰু নাতিল’ৰা ১। তোমাৰ মৰমৰ ককা-দেউতাৰাক ওচৰত লাগে যদি শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱাই পৰা এই কিতাপখন কিনি পঢ়া। ৫) লিতিকাই- | অনা। পঢ়া, হাঁহিত পেটু-নাড়ী ছিগিব। শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱাৰ এইখন ধেমেলীয়া নাটৰ ভাৱনা তুমি দেখা নাই নে? এবাৰ চাই লোৱা, সৰহ একো