পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমকোষৰ আখৰ-যেটনিৰ পৰা যে চুলি এডাল আঁতৰিব নেপায়, তেহেলৈ “বামুনেই মৰক বা লন্ডনেই ছিগক” এনে কথা কত নাই। অৱশ্যে যুক্তিশূন্য হৈ মইমতভাৱে আঁতৰা অযুগুত। হেমকোষৰ আখৰ যােনিৰ কোনাে কোনাে ঠাইত যে অলপ অসঙ্গত নহয় এনে নহয়। অসঙ্গতক সঙ্গত কৰিবলৈ চেনা কৰাতাে মানে যে হেমকোষৰ ওপৰত পােৰাসূধান ওলােৱা, এনে সিদ্ধান্ত ভুল। হেমকোষক মান্য কৰিও তাৰ দুই-চাইটা আখৰ যোঁটনি ল'ৰাই চলিলেও পাপে নশাকৈ অসমীয়া ৰচনা লেখিব পাৰি।..” বোঁহী, ২য় বছ, ১ম সংখ্যা)। বাঁহীত মাজে মাজে ছদ্মনামত লেখা কবিতা, প্রবন্ধ আদি আছে। সেইবােৰ হ’ল আকৰা, আবৰ, কথাচহকী সাজতােল, চিৰ প্রবাশী, জ্ঞানানন্দ জগতী (তুলসী প্রসাদ দত্ত), দেশ (দেবেশ্বৰ শৰ্ম্মা), বষ প্ৰেমধৰ চলিহা), বুঢ়া ল'ৰা (শিৱৰাম শৰ্মা বৰদলৈ, ভুবনচন্দ্ৰ বৰুৱা (বিশ্বনাথ বৰুৱা), মাশ (মহাদেৱ শৰ্মা, শ্রীজিলি (শ্রীজিলিনাথ শৰ্মা), সিন্ধু, মিৰি, যদু (যতীন্দ্রনাথ দুৱৰা) ইত্যাদি। বয়ী প্রকাশন ‘বাহী’ লক্ষ্মীনাথ বেজবৰুৱাই পােনতে কলিকতাৰ পৰা উলিয়াইছিল। তেওঁ ব্যৱসায় এৰি বার্ড কোম্পানীৰ চাকৰি গ্ৰহণ কৰাত তেওঁক উক্ত কোম্পানীয়ে ঝাচোগােড়ালৈ (উৰিষ্যা) বদলি কৰে। কলিকতাত থকা অৱস্থাতাে নানা অসুবিধাৰ মাজেদি বহীখন উলিয়াইছিল। ৰাতিপুৱাৰ পৰা গধূলিলৈ আহৰি নেপাইছিল। 'বাহী’ প্রথম বছৰৰ পৰা নিয়মীয়াকৈ ওলাই আছিল। নৱম বছৰৰ পৰা অসুবিধা হ’ল। আঘােণৰ বাঁহী’ পিছৰ বহাগত ওলাইছিল। ইয়াৰ মূল কাৰণ হ'ল তেওঁৰ ব্যৱসায় বন্ধ। নতুন চাকৰিত যােগদান। তেওঁ লেখে, “এই কালডােখৰৰ শেহছােৱাত বাঁহী ওলােৱা নিয়ম ব্যতিক্রম ঘটিছে। তাৰ কাৰণ, আমাৰ কাৰ্যোপলক্ষে হাওড়া পৰিত্যাগ আৰু প্রবাসত নিবাস। গ্রাহকসকলে অৱশ্যে বাঁহীৰ এনে গঢ় দেখি আমনি পাইছে।” (সম্পাদকৰ চৰা- বাঁহী, ৯ম বছৰ, ১ম সংখ্যা)। বাঁহীৰ এই দুর্যোগ কালত চন্দ্ৰকুমাৰ আগৰৱালাই ‘বাহীখন ডিব্ৰুগড়ৰ অসমীয়া প্ৰেছত মুদ্রণ আৰু প্রকাশনৰ দায়িত্ব লয়। গতিকে দশম বছৰৰ পৰা বেজবৰুৱা বঁহীৰ কেৱল সম্পাদক হৈ থাকিল। লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত ‘বাহী’ চতুর্বিংশ বছৰলৈকে ওলাই আছিল। গ্রাহক প্রতিক্রিয়া। বাঁহীৰ গ্ৰাহকৰ প্রতিক্রিয়া প্রসঙ্গত সম্পাদকে লেখিছে-