পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২০৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি আসামৰ জিলিঙনি এটি। আজিকালি যাক আমি আসাম যোলোঁই পুৰণি কালত সি কি আৰু কেনে আছিল, জানিবৰ হেঁপাহ অসয়া মাত্ৰকৰে হয়। সেই কালৰ আসামমা আজিকালিৰ আসামৰ নিচিনা জেলোৱা-খেলোৱা আছিল নে, বলী তেজী আৰু সুসভ্য আছিল, সেই কথাৰ অলপমান আল জানি কৰিব খোজে। পুৰণি আখ্যান, উপাখ্যান, ধৰ্মশাস্ত্ৰ, লোকৰ মুখে মুখে চলি অহা কথা, তামৰ ফলি, শিলৰ ওপৰত বা পৰ্বতৰ পাত থকা শিলৰ ওপৰত লেখা কথা, পুৰণি নগৰ আৰু দেৱমন্দিৰ আদিৰ ভগ্নাৱশেষৰপৰা প্ৰাচীন কালৰ বিষয়ে অলপ-অচৰপ সঙ্গে পোৱা যাব পাৰে, কিন্তু সেইবোৰ টি-গুটি সেই কাম সম্পাদন কৰা কাৰ্য্য আসামত এতিয়াও পানী-কেচুৱা অৱস্থাত। বুৰঞ্জী লেখি থোৱা অভ্যাস হিন্দুৰ নাছিল; গতিকে, প্ৰাচীন কলীয়া অসমীয়া হিন্দুৱেও সেই কাৰ্য্যৰ লেঠা নিৰ গাত লগাই লোৱ নাছিল। আসাম বুৰঞ্জী আহোমবিলাকৰ সম্পত্তি আৰু তেওঁলোকেই বুৰঞ্জী লেখা নিয়ম আসামত উলিয়ায়; তেওঁলোকক দেখাদেখি অসমীয়া হিন্দুৱেও বুৰঞ্জী লেখিবলৈ শিকে। সেইদেখি আহোৰ আগৰ আসামৰ বুৰঞ্জী নাই। খৃষ্টীয় সপ্তম শতিকাৰ আগ-ছোৱাত বিখ্যাত চীন পৰিত্ৰাজক হিউয়েনচাং আসামলৈ আহিছিল। তেওঁ তেতিয়া আসাৰ যেনে দেখিছিল তাৰ বিৱৰণ লেখি থৈ গৈছে। তাৰ বাহিৰে আৰত আৰু বাৰাণসীত যি কেইখন তামৰ ফলি পোৱা গৈছে, সেই ফলিবোৰৰপৰাও পুৰণি আসামৰ বিষয়ে কিছু কিছু না যায়। হিউয়েনচাং ২৯ খৃষ্টাব্দত ভাৰতবৰ্ষলৈ আহে, আৰু ৬৪৫ খৃষ্টাব্দত নিজৰ দেশলৈ উভতি যায়। হিউয়েচাঙৰ বৃত্তান্ত

  • Records of the Western word* বহুমূলীয়া প্ৰ। তেওঁ যে সেই

গ্ৰন্থত অফল ৰাজনৈতিক আৰু সামাজিক কথা লিখিছিল এনে নহয়, দেশৰ বিৱৰণ, শোকসং, না অনেক অনতিৰ কথাও লেৰি থৈ গৈছে। হিউয়েনচাঙৰ বহু উইলিয়ে (Hwui-li) হিউয়েটাঙৰ জীৱনী লেখিছে; সেই পণ্ডি পঢ়িও সেইফালৰ ভাৰতৰ সম্পৰ্কে ভালেমান কথা আনিব পাৰি।