পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২০০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কিতাপৰ চমু সমালোচনা। A Manual of Assamese Grammarby D. Bliarali B. A এইখন-ইংৰাজী অসমীয়া ব্যাকৰণ। বিদেশী মানুহে অসমীয়া শিকিবলৈ সুবিধা কৰিবৰ নিতিত্তে এই সৰ কিতাপখন ৰচনা কৰা হৈছে। গতিকে ইয়াৰ সম্পৰ্কে আমাৰ কবলৈ বিশেষ একো নাই; মাথোন ইয়াকে কওঁ যে গ্ৰন্থকৰ্তাৰ যতন সাক্ষল হৈছে। দুই চাৰি ঠাইত তেওঁ প্ৰচলিত অসমীয়া ব্যাকৰণৰ মতৰ বিৰূদ্ধে মত প্ৰকাশ কৰি বুক্তিৰে নিজৰ মত সমৰ্থন কৰিছে দেখি আমি সন্তোষ পাইছে। তেওঁ অসমীয়া ভাষাত বহলাই অসমীয়া ভাষাৰ ব্যাকৰণ এখন শেখিবলৈ পুৰুষাৰ্থ কৰা দেখিলে আমি আৰু সন্তোষ পাম। উচ্চাৰণ ভাষা-সাম্ৰাজ্যৰ সমাট। ব্যাকৰণৰ মহাসভাত যিবোৰ আইন- কানুন বিবিদ্ধ হয়, সেইবোৰৰ ওপৰতত সম্ৰাট উচ্চাৰৰ প্ৰভূত্ব আছে; গতিকে, তেখেতৰ “মঞ্জৰী” নাপলে সেইবোৰৰ চলাত ব্যতিক্ৰম ঘটে। উচ্চাৰণ ৰেলেতে আমি এই চুবুৰীৰ উচ্চাৰণ, এইজনৰ সেইজনৰ উচ্চা- ৰণৰ কথা কোৱা নাই; ভাষা-সাম্ৰা সাৰ্বক্ষনিক সভাত চলা উচ্চাৰণৰ কথা হে কৈছে। সেই শুদ্ধ উচ্চাৰণৰ প্ৰতিধ্বনি শিক্ষিত গ্ৰন্থকাৰ আৰু শিক্ষিত শ্ৰেণীৰ মুখত থাকে। সেইদেখি ব্যাকৰণৰ নিয়ম মতে “গাৱত” অশুথ বুলি “গাওঁত গুধ বুলিশে পাক লাগিব। ব্যাকৰণ Paper weight স, কিন্তু তুলাপাত আৰু লাপাতত হেপা দিয়া দলিটো বহি থকা মোখন হৈছে উচ্চাৰণ। “ই” অধ,“ময় হে শুধ; এই কথাৰ বিৰূদ্ধে কবলৈ আমাৰ ভালেমানে কথা আছে; কিন্তু বহীত ঠাইৰ নাটনি। মুঠতে কওঁ যে “মহাজনে যেন গতঃ সপন্থা" কৰি “মই শেখাই ভাল। “ই” আৰু “ময়ৰ উচ্চাৰণৰ ভিতৰত বিভিন্নতা নথকাটোও আমি মানি নোেেব্দ। “বিলাক “বোৰ” “ইত” আৰু “সকল” বহুবচন বুজোৱা প্ৰত্যয় হয়; কিন্তু তেওঁলোকৰ “লোক”টো বাদ পৰিল কিয়? "লোক” “তেওঁ”ত লগাই দিলে সি বহুবচন নহয় নে? গ্ৰন্থকৰ্তাই লেখিছে, “বিলাক is applied to human beings, ষোৰ is applied te inanimate things, lower animals and to human bc.