পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৃপাবৰ বৰুৱাৰ সামৰণি। বৰবৰুৱাৰে সৈতে মনাইৰ দন্দ। ফালি গধুলি ভাত-পানী খাই পাইপটো হপি শোৰ বৰতে অকলৈ বহ আছিলোঁ, এনেতে ভদ্ৰলোক এজন পহ-কৰে মোৰ আগত ওলালহি। মানুহ অন ইমান দীঘল যে এই কলিকালত আমাৰ দেশত এনে দীঘল মানুহ আছিল বুলি মই আগেয়ে নাজানিছিলোঁ। মই নিজেই ইমান ডাঙৰ দীঘল মাহটো, কিন্তু সেইজনৰ আগত দেখিবলৈ মই যেন এটা বাউনা হলে। কৰপৰা লেংপেংকলেইমান দীঘল কটাৰী-নালীয়া মানুহজন খামাখা মোৰ ওচৰত ওলালহি তাৰ একো উৱাদিহ নাপাই যদিও মই থৎ এই গৈছিলে, তথাপি অতিথি সৎকাৰ কৰাটো গৃহস্থৰ কৰ্তব্য বুলি ভাবি, মোৰ সমুখত খালি হৈ পৰি থকা চাকথনত তেওঁক বহিবলৈ চিয়াঁৰ দিলে। তেওঁ মুখ- খন টিপা মাৰি হাহি লাহেকৈ সেই চৰিখনত তিনি পাক খাই বহি মোৰ মুখলৈ চাই এনেকৈ মিচিকীয়া হাঁহি মাৰিলে যেন তেওঁ মোৰ কোনোবা কালৰ চিনাকি মানুহজন হে। তেওঁ বহিয়েই মোক সুধিলে, ডাঙৰীয়া আপুনি কেনে আছে?” মই ‘ভালে আছে” বুলি সমিধান দি উভতি তেওঁক সুধিলে, “আপোনাক মই চিনি পোৱা নাই দেখোন?” মোৰ প্ৰশ্নো শুনি আলহীজনে ডাঙৰকৈ হাঁহি উত্তৰ দিলে, “কি, আপুনি মোক চিনি নোপোৱাই হল নে কি? আপুনি তো বঢ়িয়া মানুহ।” তেওঁৰ হাখি আৰু কথাত মই অপ্ৰতি হৈ ভাবিলে যে নিশ্চয় তেওঁ মোৰ কেতিয়াবাৰ চিনাকি মানুহ, মইহে তেওঁক চিনিব পৰা নাই, এই ভাবি মই মাত লগানে, “মোৰ দায় মৰিণ কৰিব, মই সচাকৈৰে আপুনি কোন পাই- ৰিলে।” আলিহীয়ে মোৰ কথাৰ আন একো উত্তৰ দি আকৌ এবাৰ হো-হো-কবে হাঁহিলে। তেওঁৰ এই বাৰৰ হাঁহিয়ে যোব মুখৰ বৰণ এনেকৈ উfলে যে মই তো পৰি গলে। ই দেখিলে, মোৰ মহা মলি উপস্থিত। যি হওফ, মোৰ মনৰ ভাষ ততালিকে মই ঢাকি মাত লগালে, “মোৰ ওচৰলৈ অহাৰ সফম বা কি?”