পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাষাৰ সম্পর্কে আমাচেৰেক কথা। ‘বাহৰ প্ৰথম বছৰ প্রথম সংখ্যাত 'জোনাকী'ৰ নিচিনাকৈ ‘আত্মকথা তথা সম্পাদকীয় নথকাৰ কাৰণে এজন বন্ধুরে প্রশ্ন কৰাত বেজবৰুৱাই দ্বিতীয় সংখ্যাৰ পৰা সম্পাদকৰ চৰা আৰম্ভ কৰে। তেওঁ উক্ত সংখ্যাত লিখে, “প্রথম সংখ্যা ‘বাহীত ‘আত্মকথা নথকাৰ বাৰ এজন বন্ধুৱে আমাক শুধিছে, প্রচলিত ‘আত্মকথা আপােনাৰ ‘বাহীত নথকাৰ কাৰণ কি? আমাৰ কৈফিয়ৎ বিচৰাজনক কওঁ যে ‘বাহী’ৰ আত্মকথা নাছিল দেখিহে নােলাইছিল, থকাহেঁতেন ওলালহেঁতেন। আমি এইবাবে ওলাইছোঁহি, সেইবাবে ওলাইছােহি, এনে কৰিম, তেনে কৰিম, এনেবিলাক কথাৰ ঢােল বজাই সৰ্বসাধাৰণৰ আগত ওলােৱাটো ‘বাহী’ৰ মনত অভিলাষ নাছিল। কাৰ্য্যক্ষেত্ৰত সােমাই নিজৰ ক্ষুদ্র শক্তি অনুসৰি লাহে লাহে কাম কৰি যােৱাটো ‘বাহী’ৰ ইচ্ছা। কাৰ্য্যহে যােগ্যতা অযােগাতাৰ চিনাকি, ডাঙুৰ দীঘল জাননী নহয়। ক্ষুদ্র ‘বাহী’ টিকিবৰ অযােগ্য হলে সাতললৈ যাব আৰু যােগ্য হলে ওপৰলৈ উধাব, এইটো নিশ্চয়।” | এইখিনিতে উল্লেখ কৰিব পাৰি যে চন্দ্ৰকুমাৰ আগৰৱালা সম্পাদিত ‘জোনাকীৰ প্ৰথম ভাগ, প্রথম সংখ্যাত ‘আত্মকথা আছিল। সেইটোত কোৱা হৈছে, “সকলো কথাৰে আৰম্ভণ আছে- আমাৰাে আত্মকথা আছে। আমাৰ ক’বলগীয়া বহুত আছে, লাহে লাহে কৈ থাকিম। এই নিমিত্তেই ওলাইছেহি। যেই কামতে কি হওঁক হাত দিবলৈ গ'লেই আমাৰ নিজৰ পৰিচয় দিব লাগে এয়ে সংসাৰৰ নিয়ম।” ‘আত্মকথাও যেন ইয়াৰে প্রতিধ্বনি। প্রথম বছৰৰ সম্পাদকৰ চৰা'ৰ বেছি ভাগ কথাই স্বাস্থ্য বিষয়ক। যেনে- • পানী লগা (৩য় সংখ্যা), ফটিকা ৫ম সংখ্যা), মেলেৰিয়া (৭ম সংখ্যা), দীর্ঘ জীৱন (৮ম সংখ্যা), প্লেগ (৯ম সংখ্যা বাকীবােৰ বেলেগ বেলেগ । তাৰে এটা কোন কাৰ বিকৃতি? (১০ম সংখ্যা) সমালােচনামূলক প্রবন্ধহে, কিছুমান সম্পাদক ও আধ্যাত্মিক বিধৰ যেনে বিশ্বেশ্বৰৰ বিশ্বৰূপ) ইত্যাদি। ‘বাহী’ত (১ম বছৰ, ৬ষ্ঠ সংখ্যা) পুৰণি অসমৰ জিলিঙনি এটি নামৰ লৈবে) প্রবন্ধ ওলাইছিল। সেই প্রবন্ধটোৰ বঙলাত লেখি বেজবৰুৱাই মৃম্ময়ী নামৰ বঙলা কাকতলৈ পঠাইছিল। এই বঙ্গলা মাহেকীয়া কাকতখনৰ সম্পাদক আছিল ক্ষীৰােদ চন্দ্ৰ ৰায়চৌধুৰী, এম.এ., অধ্যক্ষ ৰেভেনছু খলেজ (হার্মিটেজ, কটক)। এওঁ গুণাভিৰাম বৰুৱাৰ জোঁৱায়েক। যােগেশ চন্দ্ৰ ৰায় বিদ্যানিখিয়ে সেই প্ৰবন্ধটোৰ কিছু কথা প্রতিবাদ কৰি মৃম্ময়ীত ‘আসামে ও উৎকলে বঙ্গভাষা' নামেৰে এটা প্রবন্ধ লিখে। সেইটাকে বেজবৰুই ‘বাহী সম্পাদকৰ চৰাত কঠোৰভাৱে সমালােচনা কৰি লিখে, “এতিয়া যদি হেট-কোট বা ইজৰ পাইজাম পিন্ধা বিবি-বিবাহিত বিলাত,