পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কৰিলে। তেওঁৰ ‘উষা’ৰ সৈতে সম্বন্ধ নাইকিয়া হ'ল।

 ১৯০৯ চনৰ আগষ্ট মাহৰ কোনো এটা দিনত কলিকতা মহানগৰীত অধায়নৰত কেইজনমান ছাত্ৰ আৰ দুজনমান প্ৰবাসী অসমীয়া ভদ্ৰলোকে মীৰ্জাপুৰ ষ্টীটৰ জুবিলী ইন্ষ্টটিউচনৰ এটা কোঠাত গোট খায়, উদ্দেশ্য কেইবাবছৰো নিসাৰ হৈ পৰি থকা এ.এছ.এল. ক্লাবক পুনৰজ্জীৱিত কৰা। সভাপতি আছিল যোবহাটৰ বি.এছ.ফুফন। সভাপতিয়ে সভাত ক'লে যে আগৰ কলিকতীয়া ছাত্ৰসকলে ‘জোনাকী' কাকতখন চলাইছিল আৰু এতিয়াও সেই সভাৰ যোগেদি যদি সেই কাকতখন উলিয়াবলৈ গাত লয়, তেন্তে তেখেতে যথাসাধ্যে সহায় কৰিবলৈ প্ৰতিশ্ৰুতি দিছিল। ‘‘পাঁচ-ছদিন মানৰ পিছতে আমি পাঁচজন শ্ৰীযুত ভোলানাথ কাকতি, শ্ৰীযুত নীলমণি ফুুকন,শ্ৰীযুত ৰোহিনী কুমাৰ চৌধুৰী আক শ্ৰীযুত পূৰ্ণানন্দ পাঠক আৰু ময়ো হেয়াৰ ষ্টীটৰ অফিচত বেজবৰুৱাদেৱক দেখা কৰি সকলো কথা বিৱৰি কলোঁহক। তেখেতে সকলো কথা শুনি হাঁহি মাৰি ক’লে, “তোমালোকে প্ৰবন্ধ গোটাবা; সম্পাদনা কৰিবা, তাৰ পিছত যোৰহাটলৈ পঠাবা, তাত ছপা হৈ আকৌ কলিকতা পাবহি; তাৰ পিছত আকৌ তোমালোকে ইয়াৰ পৰা বিলাবা। থোৱাহে তোমালোকৰ এইবিলাক তিনি ফেৰেঙনীয়া কথা। কাকত উলিয়াব খুজিছা, বাৰু দিয়া মোক তিনিমাহৰ কাৰণে ছটা-ছটাকৈ ওঠৰটা প্ৰবন্ধ; মই উলিয়াই দিম কাকত।” আমিও গাত লৈ তেখেতে দিয়া চাহ-মিঠাইৰ সদব্যৱহাৰ কৰি ঘৰমুৱা হ’লো। আহিবৰ সময়ত তেখেতে হাঁহি হাঁহি ‘ফ্লাইট্ ফ্লোট্ ফ্লোৰেইট' মাতেৰে আমাক বিদায় দিলে।”

 “তাৰ এমাহমানৰ পিছত যেতিয়া আমি গৈ ওঠৰটাৰ ঠাইত বাইশটামান প্ৰবন্ধ তেখেতৰ হাতত দিলোঁ, তেতিয়া তেখেতে ক’লে,‘তোমালোক বৰ দুষ্ট ল’ৰা। মই তেতিয়া ফোৰোহানি মাৰি তোমালোকক উৰুৱাই দিছিলোঁ, পাছে তোমালোকে মোক ভাল ফান্দত পেলালা।’ মই তেতিয়া ক'লো, ‘আমাৰ ফালে হ'লে হাতীৰ দাঁত এবাৰ ওলালে আৰু নোসোমায়। আপোনালোকৰ কলিকতীয়া হাতীৰ দাঁত কেনে বিধৰ ক'ব নোৰাৰো।’ তেখেতে ক'লে, ‘তোমালোকৰ বিধৰ দৰেই; আৰু প্ৰবন্ধবোৰ থৈ যোৱা। মই আৰু পৰহিলৈ ঝাড়াচাগোড়ালৈ যাব লাগিব। দেখা যক কি কৰিব পৰা যায়।’ আমিও হাঁহি হাঁহি বিদায় লৈ আহিলোঁ। পিছত শুনিবলৈ পালোঁ আমি দিয়া প্ৰবন্ধবোৰ বাছোতেই হেনো ৰাতি দুই বাজি গৈছিল।’’ (উদ্বোধনী ভাষণ, যতীন্দ্ৰনাথ দুৱৰা, বাঁহী, ৩০শ বছৰ, একাদশ- দ্বাদশ সংখ্যা)।

 প্ৰসঙ্গক্ৰমে উল্লেখ কৰিব পাৰি বালক লক্ষ্মীনাথৰ পিতৃ দীননাথ বেজবৰুৱাই একালত উত্তৰ লক্ষীমপুৰত কাৰ্যনিৰ্বাহ কৰিছিল। বালক

(ঞ)