এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
ফুল।

কৰিবলৈ লাগিল। নৱ প্ৰস্ফুটিত কমলিনীয়ে আনন্দোৎফুল্ললোচনে তেওঁলৈ চাই থৰ লাগিল। পদ্মই বহাৰ পৰা উঠি আকৌ হাবিয়ে হাবিয়ে ভ্ৰমিবলৈ ধৰিলে।

⸺:0:⸺




ত্ৰয়োদশ অধ্যায়।

⸺:০:⸺

মহগৰৰ ৰণ।

 ওপৰত স্বৰ্গদেৱৰ ৰণ-সজ্জাৰ বিষয়ে অলপ উনুকিয়াই অহা হৈছে। মানৰ অত্যাচাৰত তৰণি নাপাই স্বৰ্গদেৱ হাদীৰাচকী পাৰ হৈ ইংৰাজ ৰাজ্যত সোমাইছিল গৈ। তাৰেপৰা হিন্দুস্থানী, শিখ প্ৰভৃতি কিছুমান সৈন্য গোটাই লৈ উজাই আহে আৰু লুট-পাট কৰি ফুৰা মানৰ কিছুমান ক্ষুদ্ৰ দল পৰাস্ত কৰে। “আত্মানং সততং ৰক্ষেৎ* এই ফাকি কথাৰ গৰিলা লৈ স্বৰ্গদেৱ ইমান দিন আঁতৰি ফুৰিছিল। কিন্তু এইবাৰ স্বৰ্গাদপি গৰীয়সী জননী জন্মভূমিৰ প্ৰেমে তেওঁৰ ভীৰুতা দূৰ কৰিলে। “মন্ত্ৰং বা সাধয়েৎ, শৰীৰং বা পাতয়েৎ” তেওঁৰ বীজ-মন্ত্ৰ হৈ পৰিল। তেওঁ মাতৃভূমিৰ উদ্ধাৰাৰ্থে আত্মোৎসৰ্গ কৰিবলৈ সাজু হ'ল। যুদ্ধ-ক্ষেত্ৰ নেদেখা মানুহ মৰ সাহ দি যুঁজলৈ ওলাল।