এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
ফুল।

পতিয়াব পৰা নাই। কিন্তু মই চন্দ্ৰ, সূৰ্য্য, বায়ু, বৰুণ আৰু আই বসুমতী সকলোকে সাক্ষী কৰি কৈছোঁ, মোৰ পৰা তোমাৰ এক ধনিষ্ঠামানো হানি নহয়। মই তোমাক এটা বিপদৰ বাতৰি কবলৈ আহিছোঁ। তুমি মোৰ কথা শুনা, আৰু যদি সেই বিপদৰ পৰা ৰক্ষা পাব খোজা, তেন্তে মোৰ ওচৰত ভয়, লাজ— একো নকৰিবা।

 ৰম্ভাই পদ্মকান্তক দেখি সচাকৈয়ে ভয় খাইছিল। তেওঁ জানিছিল যে মাজ নিশা এজন ডেকা মানুহ সোমাই অহাত অৱশ্যে কিবা দুৰভিসন্ধি আছে। কিন্তু এতিয়া তেওঁৰ কথা শুনি সেই ভয় কিছু পৰিমাণে পাতলিল; একেৰাহে পদ্মলৈ চাবলৈ ধৰিলে।

 পদ্মই আকৌ কবলৈ ধৰিলেঃ— “ৰম্ভা! তুমি ভাবিছা যে, তুমি দস্যুৰ হাতৰ পৰা সাৰিলা। কিন্তু প্ৰকৃত পক্ষে সেইটো হোৱা নাই,—তুমি এতিয়াও আপদৰ হাত সাৰিব পৰা নাই। বাঘৰ হাতৰ পৰা এৰাই আহি তুমি সিংহৰ গাঁতত সোমাইছা। এতিয়াও সময় আছে। সাৰিব খোজা যদি, পলম নকৰিবা, এতিয়াই পলোৱাঁ।”

 ৰম্ভাই পদ্মৰ কথা একো বুজিব নোৱাৰিলে। কঁপি কঁপি ক'লে—“ডাঙৰীয়া! আপুনি কি ওচৰ চপা বিপদৰ কথা কৈছে, মই বুজিব পৰা নাই। অনুগ্ৰহ কৰি কথাটো অলপ ভালকৈ বুজাই দিয়ক।”