এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গ্ৰন্থকাৰৰ নিবেদন।

⸻:0:⸻

  যেতিয়া প্ৰথমেই ফুলৰ জন্ম হয়, তেতিয়া ফুল-ৰচক ইংৰাজী স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ আছিল মাথোন। সেই কাৰণে তাইৰ গঢ় আৰু সাজ-পাৰ ৰচকৰ শৈশৱ কল্পনাৰ আদৰ্শ অনুযায়ী হোৱা স্বাভাবিক। তথাপিও যে তাই ৰাইজৰ মনোৰঞ্জন কৰিব পাৰিছিল, সি নিশ্চয় ৰচকৰ সৌভাগ্য। আজি পাঁচ বছৰ ফুল কাৰো আগলৈ ওলাব পৰা নাই, কিন্তু তাইক মৰম কৰিবলৈ ৰাইজৰ আগ্ৰহ ক্ৰমশঃ বাঢ়ি যোৱা দেখা গৈছে। ইমান দিন তাইক ৰাইজৰ মৰমৰ পৰা বঞ্চিত কৰি ঘৰৰ ভিতৰতে সুমুৱাই ৰখাৰ প্ৰধান কাৰণ হৈছে ৰচকে তাইৰ আগৰ গঢ় পৰিবৰ্ত্তন কৰি, নতুন সাজ-পাৰ পিন্ধাই, উলিয়াবলৈ ইচ্ছা কৰিছিল, কিন্তু তেনে কৰিলে তাইক হত্যা কৰা হব বুলি বহুতে আশঙ্কা কৰাত সম্প্ৰতি তাইক আগৰ গঢ়েৰেই ৰাইজৰ ওচৰলৈ পঠিওৱা হ'ল। সালসলনিৰ ভিতৰত মাথোন তাইৰ দুই এপদ অলঙ্কাৰ ঘঁহি- পিহি চকচকীয়া কৰা হৈছে আৰু সাজ-পাৰত যি দুই এটা চকুত পৰা চেঁকা আছিল, তাকো ধুই-পখালি এৰুৱাই দিয়া হৈছে। এই কাৰ্য্য়ত ৰচকে তেওঁৰ সাহিত্যিক বন্ধু শ্ৰীযুক্ত ইন্দ্ৰেশ্বৰ বৰঠাকুৰ বি, এ আৰু প্ৰতিমাৰ খনিকৰ শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত চন্দ্ৰকুমাৰ আগৰৱালা ডাঙ্গৰীয়াৰ সঙ্কেতৰ পৰা বিশেষ সাহায্য লাভ কৰিছে; সেই বাবে তেওঁ দুয়ো জনৰ ওচৰত কৃতজ্ঞ।