দেবেন্দ্ৰ।—শুনিছিলোঁ, সেইটো আপোনাৰ নামেই নে?
কনক।—এৰা।
দেবেন্দ্ৰ।— হওঁতে ময়ো আপোনাক দেখা মনত পৰিছে। আজি বহুত দিন দেখা নাই দেখি হে পোনেই চিনিব নোৱাৰি- ছিলোঁ। পিছে, আপোনাৰ আৰু কোন আছে?
কনক।—বোপা! সেইবোৰ নো কি সোধা? সকলোৰে মূৰ-হাড় খাই ঢুকুৱালোঁ। এতিয়া মাথোন ছোৱালী এটি আছে! তাইৰো দেখোন বিপদ-আপদ নুগুচেই। আজি পানী আনিবলৈ যাওঁতেই ঘুলিত পৰি মৰাহে। পিছে, কোনোবা এজন সদাশয় মানুহৰ দয়াতহে ৰক্ষা পৰিল।
দেবেন্দ্ৰ।—ধৰ্ম্মত থাকিলে নিশ্চয় ঈশ্বৰে দয়া কৰিব।
কনক।—মানুহজনক এবাৰ ধন্যবাদ দিবলৈকো নাপালোঁ; তেওঁ বা ক’ৰ মানুহ আছিল?
দেবেন্দ্ৰ।—তেওঁ যৰে মানুহেই হওক, তেওঁ তেওঁৰ কৰ্ত্তব্য কৰিছে; সেই বাবে তেওঁক শুনাই ধন্যবাদ দিয়াৰ কোনো প্ৰয়োজন নাই। কৰ্ত্তব্যপৰায়ণ হ’বলৈ তেওঁক আশীৰ্ব্বাদ কৰক, তেতিয়া হলেই কৃতজ্ঞতা প্ৰকাশ কৰা হব।
কনক।—সেইটো হয়। পিচে, এতিয়া খোৱা-বোৱাৰ কি কৰা? হওঁতে তোমাৰ দেউতাৰা থাকোঁতে, আমাৰ মাজত একো ঘিণ-ঘাণ নাছিল। আন কি, দুয়ো একেখন পাততে খাইছিলোঁ। এতিয়া যদি তুমি নিজে সিজাবলৈ এলাহ কৰা আৰু মোলৈ ঘিণ নকৰা তেন্তে মোৰ—