এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় অধ্যায়।

⸻:•:⸻

ডেকা-গাভৰু।

 গাভৰু অদৃশ্য হ’লত ডেকাই প্ৰথমতে একো স্থিৰ কৰিব নোৱাৰিলে। সঁচাকৈয়ে গাভৰু দেবী নে মানবী। যদি দেবী, তেনেহ'লে তেওঁক দেখিয়েই অন্তৰ্দ্ধান হ'ল; যদিহে মানবী, তেনেহলে নিশ্চয় পানীত পৰিল। যদিও একে সময়তে তেওঁৰ মনত এই দুই বিৰুদ্ধ ভাবনাই ঠাই পাইছিল, তথাপি তেওঁ তাকে ভাবি সময় নষ্ট কৰা নাছিল! ভাবনাৰ লগে লগেই তেওঁ গৈ পানীৰ কাষ পালে। হঠাৎ তেওঁৰ চকুত পৰিল— পানীৰ মাজত একোছা চুলি আৰু এটি সুগোল বাহু। তেওঁ আৰু অলপো অপেক্ষা নকৰিলে; সহজে সোলোকাব পৰা সাজ- পাৰ খিনি একে আজোৰেই সোলোকাই থৈ জাঁপ মাৰি পানীত পৰিল।

  নৈৰ পানী পাৰৰ ওচৰত ইমান কম আছিল যে অলপ নামি নগলে কলহ-টেকেলি ভৰাব নোৱাৰি। সেই বুলি বেছি মাজলৈ নামি গলে ঘুলিত সোমোৱাৰ ভয়ো আছে। ঘুলিটো পাৰৰপৰা দুই নল মান আঁতৰত, আৰু বৰ দ; দাঁতিটো এনে আওগৰীয়া আৰু পিছল যে এবাৰ তাত ভৰি দিলে একেবাৰেই