এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুল ।

নোপোৱাকৈ ভটীয়াই বাট ললে। ইফালে, নতুনকৈ পতা ঘনশ্যাম বৰফুকনে পাচে পাচে খেদা দিলে। কিন্তু বদনৰমকপাল ভাল, অসমৰ সীমাৰ ভিতৰত তেওঁক কোনেও নাপালে। পাচত বঙ্গদেশৰ ভিতৰত লগ পাইছিল গৈ যদিও, সেই ঠাই ব্ৰিটিছ শাসনৰ তলত থকাৰ বাবে আনিব নোৱাৰিলে। বৰফুকন সুবিধা পাই কলিকতাত ওলাল গৈ। সেই সময়ত কলিকতা “ইষ্ট ইণ্ডিয়া কোম্পানীৰ” অধিকাৰত আহিল। “ইষ্ট ইণ্ডিয়া কোম্পানী” মানে ভাৰতত বেপাৰ কৰিবলৈ অহা এদল বিলাতী বেপাৰী। তেওঁলোক ষোড়শ শতাব্দীৰ আদি ভাগতে জাহাজেৰে আহি ভাৰতবৰ্ষত পদাৰ্পণ কৰে আৰু তেতিয়াৰে পৰা বেপাৰ কৰাৰ চলতে বঙ্গদেশ, বোম্বাই আৰু মান্দ্ৰাজ তেওঁলোকৰ শাসনৰ তললৈ আনে। কলিকতাত তেওঁলোকৰ “ফোট ৱিলিয়াম” নামেৰে এটা দুৰ্গ আছে। ই ভাৰতৰ সকলো

দুৰ্গতকৈ শ্ৰেষ্ঠ। কলিকতা চহৰখনিকেইবা কি চাবা! যেনি চোৱা তেনি উচ্চ অট্টালিকা চূড়া —কেইওফালে আচৰিত কৌশলৰ অভিনয়। বাস্তুৱতে কলিকালত কলিকতায়েই স্বৰ্গীয় জেউতি লাভ কৰিছে। ওচৰেদি পবিত্ৰসলিলা ভাগীৰথীয়ে অনন্তত মিলিবলৈ লৰ দিছে আৰু মুখেৰে বিভুৰ মহিমা কীৰ্ত্তন কৰিছে। নতুনকৈ অহা মানুহে এনেখন চহৰ দেখি নিশ্চয় আপোন পাহৰা হ'ব। বদনচন্দ্ৰই এই কলিকতা চহৰতে সোমাই ব্ৰিটিছ গবৰ্ণমেণ্টৰ ওচৰত সাহায্য প্ৰাৰ্থনা কৰিলে গৈ, কিন্তু ইংৰাজ গবৰ্ণমেণ্টে “পৰৰাজ্য সম্পৰ্কীয় কাৰ্য্যত হাত নিদিওঁ”