এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
ফুল।

নিৰ্জ্জীৱ, সেই মূৰ্ত্তি বাক্শক্তিহীন। সেই মূৰ্ত্তিৰ গৰাকী তেজ- মঙহৰ দেবেন্দ্ৰই আকৌ তেওঁক বুকত সুমুৱাই লৈ শান্তি নিদিলে কেনেকৈ ফুলে প্ৰকৃত সুখ লাভ কৰিব।

 ফুল এতিয়া ফুলত নাই। কলিতে পোকে ধৰা ফুলৰ দৰে তেওঁ এতিয়া জঁয় পৰিল। এতিয়া তেওঁৰ মনত আগৰ নিচিনা প্ৰফুল্লতা নাই, সদায় গম্ভীৰ ভাবেৰে চিন্তাত নিমগ্ন থাকে। বলোৰামৰ জীয়েক চেনেহীয়ে সদায় তেওঁৰ মনত ৰং লগাবলৈ চেষ্টা কৰে; কিন্তু ফুলে তাত শান্তি নাপায়।

 বলোৰামে ফুলৰ পৰা তেওঁৰ পিতাকৰ পৰিচয় পাইছিল আৰু দেখা-শুনা নাথাকিলেও আগৰে পৰা তেওঁৰ নাম শুনিছিল। তথাপি তেওঁ ফুলক ঘৰলৈ পঠিয়াবলৈ কোনো আয়োজন নকৰিলে। কনকে যে ফুলক বিচাৰি পাব, তেনে আশা বলোৰামে কৰা নাছিল। কাৰণ তেতিয়া মানৰ দিন। কেতিয়া আহি মানে লুট-পাট কৰিব, গৰু-ছাগলীৰ দৰে মানুহক হত্যা কৰি উৎসৱ পাতিব গাভৰু ছোৱালীহঁতক ধৰি লৈ যাব, তাৰ ঠিক নাছিল। ওলাই-সোমাই ফুৰিবলৈ সকলো মানুহৰেই ভয়। তাতে ম'হগৰৰ ৰণত জয় লাভ কৰি সিহঁত আগতকৈও মতলীয়া হৈ উঠিছিল। মানুহৰ মনত ইমান ভয় সোমাইছিল যে মান আহিছে বুলি উৰা বাতৰি এটা শুনিলেও সকলোৱে ঘৰ-দুৱাৰ এৰি হাবিত আশ্ৰয় লবলৈ লৰ দিছিল; ইফালে মানৰ ভয়ত মানুহ ভাগি যোৱাৰ বাবে প্ৰথম আক্ৰমণৰ সময়ৰে পৰা দেশ অৰণ্যময় হৈ উঠিছিল; বাট-পথৰ চিন-বান নোহোৱা