পৃষ্ঠা:পদুম কুঁৱৰী.pdf/২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পদুম কুঁৱৰী


গোসানীৰ আগত বলি দি নিশ্চিন্ত, নিৰুদ্বেগ আৰু নিস্তব্ধ। কিন্তু এনে সময়ত এটি প্ৰাণীৰ চকুত টোপনি নাই, মনত শান্তি নাই, অন্তৰত সুখ নাই। তেওঁ এটি ঘৰৰ এটা খোটালিত এখন শোৱা পাটীত বহি কিবা ভাবত মগন। তেওঁৰ মূৰ-শিতানৰ ওচৰতে এটা সৰিয়হৰ তেলৰ চাকী টিমিক টিমিককৈ জ্বলিব লাগিছে। চাকিটোত যে তেল নথকা বাবে তেনে হৈছে এনে নহয়, তাত তেল আছে; কেৱল সলাকানি ডালৰ আগটো কাটি বঢ়াই দিয়া হোৱা নাই বাবেহে তেনেকৈ সি কলমুটিয়াব লাগিছে। চাকিটোৰ অলপ মান আঁতৰত, সেই ফালেই বেৰত আঁৰি থোৱা এটা কাঠৰ হেঙ্গুলীয়া সৰু কৰণীত এখন হেজাৰীঘোষা পুথি। ভৰি-পথানৰ ফালে দুটা বেতৰ কাপোৰ থোৱা জপা আৰু হাতনি-পেৰা এখন বাঁহৰ চাঙ্গৰ ওপৰত আছে। তাৰ ওপৰতে সেই চাঙ্গৰ মূৰশিতানৰ ফালৰটোৰ নিচিনা এটা সৰু আৰু এটা ডাঙৰ কৰণী। সৰুটোৰ ভিতৰত থকা বস্তুৰ এই তালিকা :- এখন সৰু আৰচী, এটা কাঠৰ হেঙ্গুলীয়া সেন্দুৰৰ টেমা, এবখলা সেন্দুৰ-গোলা শামূক, এডাল কেঁটেলা পহুৰ কাঁইট, এডাল ৰূপৰ শলা, এটা ৰূপৰ চন্দনৰ খুৰিবাটি। ডাঙ্গৰটো কৰণীত গোটাচেৰেক ব-চুঙ্গা, মাকো, কিছুমান মহুৰা (কোনোটো পকোৱা কোনোটো নপকোৱা), আৰু দুলেচামান পাটসূতা। বেৰত কাঠৰ হাকোটা দুটা আছে; তাৰে এটাত মূৰত ঘঁহা গন্ধ-তেলৰ চুঙ্গা এটা আৰু এটাত মেৰ-ঢৰা খনচেৰেক অৰা। বেৰৰ কাষতে মাটিত গোটা-চেৰেক উঘা-চেৰেকী পুতি থিয়কৈ থোৱা হৈছে। শোৱাপাটীৰ ওচৰতে এটা বটাত টেমি, কটাৰী আৰু তামোল-পাণ। পাটীখন সৰ্ব্বসাধাৰণ মানুহৰ যেনেকুৱা, তেনে :- এখন হেঙ্গুলীয়া কুন্দা খুৰাৰে কঠাল কাঠৰ চালপিৰা, এখন কঠ,